কৰ্মচাৰীক প্ৰহাৰ কৰিলে বিধায়কে

জনতা ভৱনত উত্তেজনাময় পৰিস্থিতি

0 15

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৪ আগষ্টঃ জনতা ভৱনত উত্তপ্ত পৰিস্থিতি। জনপ্ৰতিনিধিয়ে সচিবালয়ৰ কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে পৰিবহণ বিভাগৰ এজন কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনাক লৈয়ে জনতা ভৱনত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে বুধবাৰে চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে প্ৰহাৰ কৰে সচিবালয়ৰ এজন কৰ্মচাৰীক। পৰিবহন বিভাগৰ সচিবৰ কাৰ্যালয়ৰ কৰ্মচাৰী বিভূতি ভট্টাচাৰ্যক বিধায়ক জয়ন্ত বসুমতাৰীয়ে প্ৰহাৰ কৰাত পৰিস্থিতি উত্তাল হৈ পৰে। উল্লেখ্য যে বিধায়ক জয়ন্ত বসুমতাৰীয়ে প্ৰহাৰ কৰা কৰ্মচাৰী বিভূতি ভট্টাচাৰ্য বিশেষ ভাৱে সক্ষম। ঘটনাক কেন্দ্ৰ কৰি সচিবালয়ৰ কৰ্মচাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰি বিধায়ক জয়ন্ত বসুমতাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.