কৰ্মচাৰী ৰাজ্য বীমা নিগমৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

0 19

শতাব্দ প্রতিনিধি, তেজপুৰ, ২৪ ফেব্ৰুৱাৰীঃ শ্ৰমিক আৰু শ্ৰমিকসকলৰ পৰিয়ালৰ কল্যাণৰ অৰ্থে সুদীৰ্ঘ ৭১ বছৰ সেৱা আগবঢ়োৱাৰ লগত সংগতি ৰাখি”কৰ্মচাৰী ৰাজ্যিক বীমা নিগম” এ অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা ১০ মাৰ্চ তাৰিখলৈ সমগ্ৰ ভাৰততে “উন্নত স্বাস্থ্য সেৱা আৰু সামাজিক সুৰক্ষা” শীৰ্ষক বিষয়ত বিশেষ সেৱা পষেকৰ আয়োজন কৰিছে। এই বিশেষ সেৱা পষেকৰ সময়ছোৱাত কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ শাখা কাৰ্যালয়, তেজপুৰে আকৌ অহা ১ মাৰ্চ আৰু ৯ মাৰ্চ তাৰিখে পুৱা ১১ বজাৰ পৰা “অভিযোগ নিৰাময় দিৱস” (সুবিধা সমাগম) ৰ আয়োজন কৰিছে। এক বিবৃতিৰ জৰিয়তে কৰ্মচাৰী ৰাজ্য বীমা নিগমৰ সকলো হিতাধিকাৰী আৰু অংশিদাৰক এই সুবিধা গ্ৰহণ কৰি সৰ্বাধিক সুবিধা লাভ কৰিবলৈ আহ্বান জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.