কৰ ফাঁকিঃ লখিমপুৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিক্ৰী কৰ বিভাগৰ অভিযানঃ নথি-পত্ৰ জব্দ

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৬ এপ্ৰিলঃ লখিমপুৰৰ একাংশ ব্যৱসায়ীয়ে বিভিন্ন সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত জি এছ টিকে ধৰি বিভিন্ন কৰ ফাঁকি দি অহাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে কালি সন্ধিয়া উত্তৰ লখিমপুৰ নগৰৰ এখন প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানত লখিমপুৰৰ বিক্ৰী কৰ বিভাগে অভিযান চলায়৷ নগৰখনৰ জে জে ষ্ট’ৰ নামৰ হাৰ্ডৱেৰ সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিষ্ঠানখনত বিক্ৰী কৰ বিভাগৰ দলটোৱে অভিযান চলোৱাত ব্যৱসায়িক প্ৰতিষ্ঠানখনে কৰ ফাঁকি দিয়া তথ্য লাভ কৰে বিক্ৰী কৰ বিষয়াই৷ দলটোৱে প্ৰতিষ্ঠানখনৰ কিছু আপত্তিজনক নথি-পত্ৰ জব্দ কৰি জি এছ টি ফাঁকি দিয়াৰ তথ্য লাভ কৰাত প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লোৱা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে লখিমপুৰত এতিয়াও বহু ব্যৱসায়ীয়ে জি এছ টি কে ধৰি বিভিন্ন বিক্ৰী কৰ ফাঁকি দি আহিছে৷

মন্তব্য দিয়ক

Your email address will not be published.