খননত উদ্ধাৰ হাজাৰ বছৰ প্ৰাচীন কাছৰ অৱশিষ্ট

যুগ যুগ ধৰি হৈ আছিল সংৰক্ষিত

1 55

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ জুন : ৬২ খ্ৰীষ্টাব্দত ভূমিকম্পত বিধ্বস্ত হোৱা ঘৰৰ ধ্বংসাৱশেষত আশ্ৰয় বিচৰা গৰ্ভৱতী কাছৰ অৱশিষ্ট পম্পেইৰ পুৰাতত্ত্ববিদসকলে উদ্ধাৰ কৰিছে। কিন্তু যেতিয়া মাউণ্ট ভিছুভিয়াছৰ বিস্ফোৰণ ঘটিছিল তেতিয়া কাছজনীক আগ্নেয়গিৰিৰ ছাই আৰু ধ্বংসাৱশেষে স্তব্ধ কৰি পেলাইছিল। ২৪ জুনত খননত জড়িত বিষয়াসকলে জনোৱা মতে, ভূমিকম্পৰ ফলত সমতল হোৱাৰ পিছত ৰাজহুৱা স্নান স্থাপনৰ বাবে পুনৰ নিৰ্মাণ কৰা ঐতিহাসিক চহৰখনৰ এটা অংশ খননৰ সময়ত ১৪ ছে.মি. কাছজনীৰ অৱশিষ্ট উদ্ধাৰ কৰা হয়। দক্ষিণ ইউৰোপৰ এটা প্ৰজাতিৰ অন্তৰ্গত এই কাছজনীয়ে ভূমিকম্পৰ ফলত অতি বেছি ক্ষতিগ্ৰস্ত হোৱা এটা ঘৰৰ ধ্বংসাৱশেষৰ তলত আশ্ৰয় লৈছিল বুলি পুৰাতত্ত্ববিদসকলে প্ৰকাশ কৰিছে। পম্পেইৰ প্ৰত্নতাত্ত্বিক উদ্যানৰ পৰিচালক গেব্ৰিয়েল জুচট্ৰিগেলে জনোৱা মতে, কাছজনীয়ে এতিয়াও কণীটো ধৰি ৰখাটোৱে দেখুৱাইছিল যে, কণী পাৰিবলৈ সুৰক্ষিত, আদৰণীয় স্থান এটা বিচাৰি উলিওৱাৰ আগতে তাইৰ মৃত্যু হৈছিল। উল্লেখ্য যে, পম্পেইৰ প্ৰত্নতাত্ত্বিক স্থানৰ লগতে বাৰ্লিনৰ ফ্ৰী ইউনিভাৰ্চিটি, নেপলছ বিশ্ববিদ্যালয়ৰ ল’ৰিয়েণ্টেল, অক্সফৰ্ড বিশ্ববিদ্যালয়ে পম্পেইৰ ষ্টেবিয়ান বাথছ অংশত খনন চলাই আছে।

১ টা মন্তব্য
  1. মলয় বৰুৱা says

    সুন্দৰ বাতৰিবোৰ পৰিৱেশন কৰি আছে। ধন্যবাদ জনালোঁ।

মন্তব্য দিয়ক

Your email address will not be published.