খানাপাৰা, ২ নৱেম্বৰ : ১৯৯৮ চনৰ ১ নৱেম্বৰত খানাপাৰাত হোৱা ভয়াৱহ গেছ টেংকাৰ বিস্ফোৰণ ঘটনাৰ ২৫ সংখ্যক বৰ্ষত ভৰি দিছে । এই ঘটনাৰ পটভূমিত জন্ম লাভ কৰা এক সামাজিক-সাংস্কৃতিক সংগঠন ‘সুৰক্ষা’ৰ উদ্যোগত কালি এই দিৱস পালন কৰা হয় । এই উপলক্ষে পুৱা গেছ টেংকাৰ বিস্ফোৰণত নিহতসকলৰ স্মৃতিত নিৰ্মিত স্মৃতি সৌধত ‘সুৰক্ষা’ৰ ভাৰপ্ৰাপ্ত সভাপতি ড: মিনেশ্বৰ হাজৰিকা, সাধাৰণ সম্পাদক বিমান চন্দ্ৰ হাজৰিকা, ৪৬ নং ৱাৰ্ডৰ কাউঞ্চিলৰ আশিস ভঁৰালী, এই গেছ টেংকাৰ বিস্ফোৰণ ঘটনাত সবাতোকৈ বেছি আঘাতপ্ৰাপ্ত বিমান বৰকাকতি আৰু ঘটনাত নিহতসকলৰ ভিতৰৰ এগৰাকী নিকটাত্মীয় ধৰিত্ৰী দাস আৰু অন্যান্যসকলে শ্ৰদ্ধাঞ্জলি জনায় । শ্ৰদ্ধাঞ্জলিৰ পাছতে নাম-প্ৰসংগ আৰু ইয়াৰ পাছতে মুকলি সভা অনুষ্ঠিত হয় । ‘সুৰক্ষা’ৰ ভাৰপ্ৰাপ্ত সভাপতিৰ সভাপতিত্বত হোৱা সভাত ডাঃ শৈলেশ বণিক্য, সাংবাদিক নৱ ঠাকুৰীয়া, কাউঞ্চিলৰ ভঁৰালী আৰু ডাঃ অৰুণ শৰ্মাই আৰু ৰাইজৰ ফালৰ পৰা ডঃ নগেন বৈশ্য আৰু ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ভাষণ দিয়ে । সভাৰ আৰম্ভণিতে বিশিষ্ট অভিনেতা নিপন গোস্বামী, বৰেণ্য চিত্ৰশিল্পী নীলপৱন বৰুৱা, বিশিষ্ট সাহিত্যিক অণিমা গগৈ আৰু ‘সুৰক্ষা’ৰ লগত জড়িত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰাক্তন বিজ্ঞানগুৰু আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ডঃ গুণীন্দ্ৰ কুমাৰ ৰায়চৌধুৰী, প্ৰাক্তন বিজ্ঞানগুৰু ডঃ শৰৎ তালুকদাৰ আৰু প্ৰাক্তন অধ্যাপক ডঃ প্ৰফুল্ল চন্দ্ৰ দাসৰ স্মৃতিত এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় । সভাত ‘সুৰক্ষা’ৰ লগত জড়িত এজন সদস্য আদৰ্শ চৌধুৰীক অসম ৰাজ্যিক কাৰাটে এছ’ছিয়েশ্যনৰ সাধাৰণ সম্পাদক হোৱাৰ বাবে সম্বৰ্ধনা জনোৱা হয় । সভাত আদৰণি ভাষণ দিয়ে আৰু শলাগৰ শৰাই আগবঢ়ায় ‘সুৰক্ষা’ৰ সাধাৰণ সম্পাদক হাজৰিকাই ।