শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুলাইঃ খেলুৱৈ-শিল্পীৰ চিন্তা-আনতকৈ পৃথক বাবেই তেওঁলোকৰ মনত ইতিবাচক চিন্তাৰ উন্মেষ ঘটে। সদৌ ভাৰত অসামৰিক সেৱা প্ৰতিযোগিতাত পদক লাভ কৰা অসম সচিবালয়ৰ বিষয়া কৰ্মচাৰী সকলক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠিত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি এইদৰে কয় উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰৰ মন্ত্রী বিমল বড়াই। সচিবালয়ৰ মুখ্যমন্ত্রীৰ কাৰ্যালয়ৰ সভাগৃহত অসম সচিবালয় সেৱা সন্থাৰ উদ্যোগত অনুষ্ঠিত সভাখনত পদক জয়ী সকলক সম্বৰ্দ্ধনা জনোৱাৰ পাছতে নিজৰ ভাষণত ব্যস্ততাৰ মাজতো বিষয়া কৰ্মচাৰী সকলে সৰ্বভাৰতীয় পৰ্যায়ত পদক লাভ কৰিবলৈ সক্ষম হোৱা বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। অসমৰ ৩ কোটি ৩০ লাখ মানুহে এই সচিবালয়ৰ ওপৰত চকু ৰাখে বুলি উল্লেখ কৰি ইয়াতেই ৰাজ্যবাসীৰ সপোন ৰচিত হয় বুলি মন্তব্য কৰি সমাজৰ প্ৰতি সকলোৰে দায়িত্বৰ কথাও তেওঁ সকীয়াই দিয়ে। সচিবালয় সেৱা সন্থাৰ সভাপতি চন্দন কাকতিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ক্ৰীড়া বিভাগৰ আয়ুক্ত সচিব জুৰি গগৈ, সাংস্কৃতিক বিভাগৰ সচিব লয়া মাদুৰী, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী, সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক মীনাক্ষী দাস নাথৰ লগতে অন্যান্য বিষয়া কৰ্মচাৰী সকল উপস্থিত আছিল।