গড়গাঁও মহাবিদ্যালয়ৰ পোষ্য গাঁৱত ভূ-তত্ত্ব বিভাগৰ উদ্যোগত ‘পৰিৱেশ আৰু দুৰ্যোগ সচেতনতা’ বিষয়ক অনুষ্ঠান সম্পন্ন

0 57
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১০ জুনঃ ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ গড়গাওঁ মহাবিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ ‘জিঅলজিকেল ফ’ৰাম’ আৰু শিক্ষক-অভিভাবক গোটৰ উদ্যোগত ১০ জুন তাৰিখে মহাবিদ্যালয়ৰ পোষ্য গাঁও লংকাক গোহাঁই গাঁৱত ‘পৰিৱেশ আৰু দুৰ্যোগ সচেতনতা’ বিষয়ক এটি বৰ্ণাঢ্য কাৰ্যসূচী পালন কৰা হয়। লংকাক গোহাঁই গাঁও প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে স্থানীয় ভালেসংখ্যক গাঁৱবাসী  উপস্থিত থাকে। মহাবিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ  মুৰব্বী ড° চন্দ্ৰাদিত্য গগৈ, সহকাৰী অধ্যাপক বনিকা বুঢ়াগোঁহাই আৰু ড° চিৰন্তন ভাগৱতীৰ লগতে বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে সক্ৰিয় অংশগ্ৰহণেৰে শিশু-জ্যেষ্ঠ সকলোৰে সহজ বোধগম্য  ৰূপত  পৰিৱেশ সচেতনতা আৰু দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কে প্ৰাথমিক জ্ঞান লাভৰ উপযোগীকৈ গীতে-কথাৰে উপস্থাপন কৰে।  পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে বিভাগীয় প্ৰধান ড° চন্দ্ৰাদিত্য গগৈয়ে স্থানীয়  ৰাইজ আৰু  অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰে। এই মত বিনিময় অনুষ্ঠানটিত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গীতাঞ্জলী শৰ্মা আৰু ভূতত্ত্ব বিভাগৰ অভিভাৱক সমিতিৰ সদস্য নবীন বুঢ়াগোঁহায়ে বক্তব্য আগবঢ়ায়। লঘু আহাৰ বিতৰণেৰে  সামৰণি  মৰা অনুষ্ঠানটিত উপস্থিত অংশগ্ৰহণকাৰীসকলে অনুষ্ঠানটিৰ পৰা যথেষ্ট উপকৃত হোৱা বুলি মত প্ৰকাশ কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই ভূ-তত্ত্ব বিভাগৰ এনে সময়োচিত তথা ব্যতিক্ৰমী পদক্ষেপৰ বাবে শ’লাগ জ্ঞাপন কৰে।
মন্তব্য দিয়ক

Your email address will not be published.