শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩জুলাইঃ ৰাজ্যৰ কৃষকক সকাহ দিয়াৰ স্বাৰ্থত ৰূপায়ণ হোৱা পি এম কে এছ ৱাই আঁচনিৰ নামত ঠিকাদাৰে কোটি কোটি টকা লাভ কৰিলে যদিও কৃষকে কিন্তু পথাৰত পানী লাভ নকৰিলে। উল্লেখযোগ্য যে,২০২০ৰ এপ্ৰিল মাহতে দেশৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ৰূপায়ণ কৰা হৈছিল প্ৰধানমন্ত্ৰীৰ কৃষি জলসিঞ্চন আঁচনি। পি এম কে এছ ৱাই নামৰ এইখন আঁচনি ৰূপায়নৰ নামত ৰাজ্যত ব্যাপক দুৰ্নীতি সংঘটিত হয় আৰু ইতিমধ্যে এই আঁচনিৰ ঠিকাৰ বিপৰীতে ঠিকাদাৰে প্ৰায় সম্পূৰ্ণ বিল আদায় কৰিবলৈ সক্ষম হ’ল যদিও আঁচনিসমূহৰ অধিকাংশই বৰ্তমান বিকল হৈ পৰি আছে। বহু আঁচনিৰে প্ৰকৃততে পানীৰ নামত এটোপালো নোলাল। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগৰ দ্বাৰা ৰূপায়িত এই আঁচনিৰ একাংশ সৌৰ শক্তিৰ সহায়ত আৰু আন একাংশ বিদ্যুৎ শক্তিৰ সহায়ত কাৰ্যক্ষম কৰাৰ লগতে এই গভীৰ নলীনাদ একোটা আঁচনিৰ দ্বাৰা ২৭বিঘা মাটিত পানী যোগানৰ লক্ষ্য লোৱা হৈছিল। শোণিতপুৰৰ ঢেকিয়াজুলি, বৰছলা আৰু চতিয়াৰ কৃষক ৰাইজে এই আঁচনিৰ দ্বাৰা যথেষ্ট উপকৃত হ’ব বুলি উৎসাহী হৈছিল যদিও মূৰকত সেয়া সকলো ফুটুকাৰ ফেনত পৰিণত হয়। উল্লেখযোগ্য যে, একোটা গভীৰ নলীনাদ স্থাপনৰ বিপৰীতে চাৰিলাখ ২৬ হেজাৰ টকাকৈ ধন আৱণ্টিত হৈছিল। তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী আৰু বান্দৰমাৰী অঞ্চলৰ কৃষকৰ বাবে মুঠ ১১টা এনে গভীৰ নলীনাদ আঁচনি স্থাপন কৰা হৈছিল যদিও ইয়াৰ এটাও বৰ্তমান কাৰ্যক্ষম নহয়। বৰ্তমান এই বৃহত্তৰ অঞ্চলৰ কৃষক ৰাইজ পানীৰ অভাৱত বিপদত পৰাৰ সময়ত ৰাইজে প্ৰকাশ কৰে যে, প্ৰকৃততে এই আঁচনি সমূহৰে আৰম্ভণিৰ দিনৰ পৰাই এটোপালো পানী নোলোৱাকৈয়ে পৰি ৰৈছে। কৃষক ৰাইজে আঁচনিৰ কাম সম্পূৰ্ণ হোৱা নাই বুলিয়েই ভাবি আছিল যদিও শেহতীয়াকৈ তেওঁলোকে জানিব পাৰে যে এই কামৰ বিপৰীতে আৱণ্টিত ধনো ইতিমধ্যে ঠিকাদাৰে হজম কৰিলে। আনহাতে বিভাগীয় এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি শোণিতপুৰত এনেদৰে অকামিলা ভাবে পৰি থকা পি এম কে এছ ৱাই জলসিঞ্চন আঁচনিৰ কমেও ২৭টা গভীৰ নলীনাদৰ বাস্তৱত কোনো কামেই নাই। উল্লেখযোগ্য যে, গুৱাহাটীতে এই ঠিকা আৱণ্টন দিয়া হৈছিল আৰু একোজন ঠিকাদাৰকে ৪০-৫০টা গভীৰ নলীনাদ স্থাপনৰ ঠিকা আৱণ্টন দিয়া হৈছিল। উল্লেখযোগ্য যে,বাঁহবাৰী,বান্দৰ মাৰীত জনৈক জৈন উপাধীৰ গুৱাহাটীৰ এক ঠিকাদাৰে ৰূপায়ণ কৰা ১১টা নলীনাদ আঁচনিৰ এটাৰেও পানী নোলোৱা সত্বেও কেনেদৰে বিলৰ ধন আদায় কৰিবলৈ সক্ষম হ’ল সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে। অভিযোগ অনুসৰি ৰাজ্যত এনে অধিকাংশ আঁচনিতে প্ৰকৃততে যিমান গভীৰৰ পৰা পানী উঠোৱাৰ ব্যৱস্থা হ’ব লাগিছিল সিমান খনন কৰাই নহ’ল। ১৭০ফুট গভীৰতাৰ বিপৰীতে ১২০ফুট খননৰে প্ৰথম অৱস্থাত ৰাজ্যৰ ভূগৰ্ভৰ পানীৰ ক্ষেত্ৰত যিটো সঁচৰাচৰ হয়, তেনেদৰে পানী ওলোৱাৰ পাছত বুজাবুজিৰে ঠিকাদাৰে বিল আদায় কৰিলে যদিও পাছত এই গভীৰ নলীনাদৰে পানী ওলোৱা বন্ধ হৈ পৰিল। ৰাজ্যত সংঘটিত এই বৃহৎ কেলেংকাৰিৰ বিপৰীতে তদন্তৰ দাবী জনাইছে ক্ষুব্ধ কৃষকে।