গাউন পৰিহিত মেকুৰীয়ে অংশ ল’লে সমাবৰ্তনত

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জুন : মেকুৰীক লৈ বঙ্কিমচন্দ্র চট্টোপাধ্যায়ৰ এটা বিখ্যাত লেখা আছে। টি এছ এলিয়টৰ কবিতাতো মেকুৰী আছে। তদুপৰি নানা দেশৰ সাহিত্যত নানা ধৰণে আহে মেকুৰীৰ অনুষঙ্গ। এনেহেন বন্দিত আদৰণীয় প্রাণীটোৰ শিৰত এইবাৰ নতুন মুকুট। মেকুৰীয়ে এইবাৰ অংশ ল’লে বিশ্ববিদ্যালয়ৰ সমাবর্তনতো। পিন্ধনত ক’লা-হালধীয়া গাউন, মূৰত সেই একে ৰঙৰেই টুপি। বিশ্ববিদ্যালয়ৰ শিক্ষার্থীসকলৰো একেই পোছাক। তথাপি সুকীয়াকৈ নজৰ কাঢ়িছে এই বিড়ালে। নাম তাৰ চুকি। যেন চুকিও এই আয়োজনলৈ সসন্মানে আমন্ত্ৰিত হৈ আহিছে। ঘটনাটি ঘটিছে আমেৰিকা যুক্তৰাষ্ট্রৰ টেক্সাছত। যুক্তৰাষ্ট্রৰ ইউনিভার্চিটি অব টেক্সাছত পঢ়াশুনা কৰিছে ফ্রান্সেচকা বোৰদিয়াৰ নামৰ এক তৰুণীয়ে। আৰু চুকি এই তৰুণীৰেই পোহনীয়া মেকুৰী। ক’ৰনাকালত কেম্পাচ বন্ধ থকাত ঘৰত বহিয়েই অনলাইন ক্লাছ কৰিবলগীয়া হৈছিল ফ্রান্সেচকাই। তেতিয়া কিন্তু তেওঁ অকলে কোনো ক্লাছ কৰা নাছিল। প্রতিটো অনলাইন ক্লাছত তেওঁৰ লগত দেখা গৈছিল চুকিক। চুকি আনকি বাদ পৰা নাছিল পৰীক্ষাৰ সময়তো। সম্প্রতি স্নাতক কৰ্চ শেষ হৈছে ফ্রান্সেচকাৰ। এতিয়া আৰু তেওঁ ক্লাছ বা পৰীক্ষাৰ বাবে স্ক্রীনৰ সমুখত বহিবলগীয়া নহয়। তথাপি চুকিক পাহৰি যোৱা নাই কোনেও। সম্প্রতি ফ্রান্সেচকাৰ সমাবর্তন অনুষ্ঠিত হৈছে। তাত উপস্থিত আছিল চুকিও। সেই অনুষ্ঠানৰ কিছু ফটো আৰু ভিডিঅ’ চচিয়েল মিডিয়াত আপলোড কৰিছে ফ্রান্সেচকাই। তাত দেখা গৈছে, গৰাকীৰ কোলাত বহি সমাবর্তনত দিব্য হাজিৰ মৰমীয়াল চুকি! অনলাইনত অর্ডাৰ কৰি চুকিৰ বাবে একদম নিজৰ দৰেই পোছাকৰ ব্যৱস্থা কৰি দিছিল ফ্রান্সেচকাই।

মন্তব্য দিয়ক

Your email address will not be published.