গিনিজ বুকত নাম উঠিব মহাৰাষ্ট্রৰ ৰাজপথঃ ১০৮ ঘণ্টাত নিৰ্মাণ হ’ব ৭৫ কিলোমিটাৰ !

0 36

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ জুন : ৭৫ কিলোমিটাৰ ৰাস্তা মাত্র ১০৮ ঘণ্টা অর্থাৎ চাৰে চাৰি দিনত নিৰ্মাণ হ’ব। মহাৰাষ্ট্রৰ অমৰাৱতীৰ পৰা আকোলা পর্যন্ত নিৰ্মাণ হোৱাৰ পথত আছে এই দূৰত্বৰ হাইৱে। আৰু চাৰে চাৰি দিনত এই কাম সম্পন্ন হ’লে গিনিজ বুক অব ৰেকর্ডছতো নাম তুলিব পাৰে এই ৰাস্তাই। হাইৱেটোৰ নির্মাণৰ কাম ৩ জুন অর্থাৎ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে। ৭ জুনৰ ভিতৰত এই পথ নিৰ্মাণৰ কাম শেষ হ’ব বুলিও আশা প্রকাশ কৰা হৈছে। অমৰাৱতীৰ লোনি গাঁৱৰ পৰা আকোলাৰ মানাগাঁও পর্যন্ত বিস্তৃত এই হাইৱে নির্দিষ্ট সময়ৰ ভিতৰত শেষ কৰাৰ বাবে দিন ৰাতি এক কৰি কাম আৰম্ভ কৰিছে নির্মাণ কর্মীসকলে। তৎপৰ পথ নিৰ্মাণৰ দায়িত্বত থকা সংস্থাও। গিনিজ বুকৰ এটা দল ইতিমধ্যেই নিৰ্মাণথলীত উপস্থিত আছে আৰু ৰাস্তাৰ নির্মাণ কাৰ্য নিৰীক্ষণ কৰিছে। সূত্রৰ খবৰ অনুসৰি আধুনিক নির্মাণ প্রযুক্তি ব্যৱহাৰ কৰি বিটুমিন কংক্রিটেৰে এই হাইৱে নিৰ্মাণ কৰা হৈছে। প্রায় ৮০০ৰ পৰা ১,০০০ জন নির্মাণকর্মী এই পথ নিৰ্মাণ কামত লাগি আছে। ইয়াৰ পূৰ্বে ইমান ততাতৈয়াকৈ বৃহৎ ৰাস্তা নিৰ্মাণৰ গিনিজ ৰেকর্ড কাটাৰৰ নামত আছিল। কাটাৰৰ দোহাত ১০ দিনত ২৫ কিলোমিটাৰ এটা ৰাস্তা নিৰ্মাণৰ গিনিজ ৰেকর্ড আছে। অমৰাৱতীৰ পৰা আকোলা পর্যন্ত নিৰ্মাণ চলি থকা এই হাইৱেৰ দায়িত্বত থকা নির্মাণ সংস্থাৰ পৰা আৰম্ভ কৰে কর্মীসকলে। সকলোৱেই আশাবাদী যে, চাৰে চাৰি দিনত এই ৰাস্তা নিৰ্মাণ কৰি তেওঁলোকে গিনিজ বুকত নাম তুলিবই।

মন্তব্য দিয়ক

Your email address will not be published.