গীত-কবিতাৰে উমাল হৈ পৰিল তেজপুৰৰ ঐতিহ্য ক্ষেত্ৰ দ-পৰ্ব্বতীয়া শিলৰ তোৰণ উদ্যান প্ৰাংগণ

মালবিকা বৰা সাংস্কৃতিক সংস্থা উদ্যোগত জিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা

0 24

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১২ মাৰ্চ : সাংস্কৃতিক চহৰ তেজপুৰৰ প্ৰাচীন ঐতিহ্য ভূমি দ-পৰ্ব্বতীয়া শিলৰ তোৰণৰ উদ্যান প্ৰাংগণ আজি গীত-কবিতা-চিত্ৰৰে উমাল হৈ পৰিল । এখনি চুটি ছবিৰ পূৰ্ণ পৰিকল্পনাৰ শুভ মুহূৰ্তক আগত ৰাখি তেজপুৰৰ অন্যতম অগ্ৰণী সাংস্কৃতিক সংস্থা মালবিকা বৰা সাংস্কৃতিক সংস্থা (এম.বি.এম.চি)য়ে তেজপুৰকে আদি কৰি বহু বিদ্যালয়ৰ পাৰদৰ্শী চিত্ৰ প্ৰতিযোগী সকলৰ মাজত অনুষ্ঠিত কৰে চিত্ৰাংকন প্ৰতিযোগিতাখনি। পুৱা দহ বজাৰ পৰা অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত অৰ্ধ-শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে ঐতিহ্যভূমিখনক দৃষ্টিনন্দন কৰি তোলে। প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগী সকলক বিশেষ দিনটোতে বঁ‌টা ,পদক আৰু মানপত্ৰৰে সন্মান প্ৰদান কৰাৰ লগতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীকে প্ৰমাণ পত্ৰ প্ৰদান কৰে। আনহাতে শেষাৰ্ধৰ মুকলি সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু শিল্পী ক’লাকুশলীৰ সহযোগত গীত-কবিতা-পদ্যৰে আলোকময় হৈ উঠে । অনুষ্ঠানত উপস্থিত থাকি শোভা বৰ্ধন কৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা বৰ্ণালী শৰ্মা, সমাজ সেৱিকা ঘনকান্তি বৰা, জোনালী শইকীয়া, সোঁ‌ৱৰণি সাহিত্য সাংস্কৃতিক মঞ্চ অসমৰ সম্পাদক অনুপ অসমীয়া প্ৰমুখ্যে বিদ্যান কুল। অনুষ্ঠানৰ আঁ‌ত ধৰে সম্পাদক নয়নৰূপ বৰা আৰু উদ্দেশ্য বাখ্যা কৰে হিমাংশু ভাৰত বৰাই। প্ৰতিযোগিতাখনিৰ বিজয়ী প্ৰতিযোগী সকল ক্ৰমে ‘ক’ শাখাৰ প্ৰথম প্ৰীতি লাহন, দ্বিতীয় সৰস্বতী কাশ্যপ, তৃতীয় হিমাঞ্চু শইকীয়া, সুস্মিতা শইকীয়া, বিচাৰকৰ বিশেষ বঁ‌টা বনদীপ বৰা, বিদিপ্তা তামুলীয়ে লাভ কৰে আৰু খ শাখাৰ বিজয়ী প্ৰতিযোগীসকল ক্ৰমে প্ৰথম মেঘনা শিৱম, দ্বিতীয় ভাগ্যশ্ৰী গোস্বামী, তৃতীয় ৰিতিষা পাঠকে লাভ কৰে। বিশেষ মুহূৰ্তৰ সৌজন্যতা প্ৰদান কৰা অধ্যাপিকা বৰ্ণালী শৰ্মাই উদ্যোক্তালৈ কৃতজ্ঞতা প্ৰদান কৰি জনাই ” art is a form of exception ” ।

মন্তব্য দিয়ক

Your email address will not be published.