গুচি যাম সৰগৰ বাট বিচাৰি

0 62

কৃষ্ণা ৰাজখোৱা

মৰতৰ পৰা সৰগলৈ
এটা দীঘলীয়া বাট থাকে
এটা মেঘ সৰা
পিছল সুৰুকীয়া বাট …

বাটটোৰ দুয়োকাষে থকা
শিলাময় পাহাৰটোৰ শিলবোৰে
বতাহৰ গীত গায়
ছায়াঘন পাতবোৰ হালি জালি
তাৰ সুৰত নাচে।

বাটটো বৰ ভাল লগা
সময়বোৰ দেওলগা
অনুভৱবোৰ
বিমূৰ্ত অলৌকিক
প্ৰকাশত অবোধ মৌনতা…

গুচি যাব খোজো ময়ো
বাটটোৰ শেষ প্ৰান্তলৈ
নাকত উজাই লৈ বনফুলৰ গোন্ধ
ওঁঠত গুজি বতাহৰ সুহুৰি
আঁতৰাই পেলাবলৈ এন্ধাৰৰ বিলাপ
কৰিবলৈ প্ৰাণখোলা ৰ’দৰ আলাপ…

গুচি যাব খোজো শেষ প্ৰান্তলৈ
খোপনি হেৰুৱাব খোজা পিছল বাটত
তোমাৰ ভৰসাৰ হাত খামুচি।

কবিৰ ঠিকনাঃ অধ্যাপিকা, শিক্ষা বিভাগ, খেৰাজখাত মহাবিদ্যালয়, নাৰায়ণপুৰ, +৯১ ৮৬৩৮০ ৪২১৩১

মন্তব্য দিয়ক

Your email address will not be published.