গুজৰাটৰ সদ্য সমাপ্ত ৩৬সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত সোণৰ পদক লাভ কৰা তানিয়া চৌধুৰীক জিলা প্ৰশাসনৰ সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৩ছেপ্তেম্বৰঃ গুজৰাটত সদ্য সমাপ্ত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ডাবলছ ইভেণ্টত সোণৰ পদক লাভ কৰা অসমৰ লন বল খেলুৱৈ তানিয়া চৌধুৰীক আজি উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই সম্বৰ্ধনা জনায়। আজি লোক নিৰ্মাণ (পথ) বিভাগয তেজপুৰ, চতিয়া আৰু ৰঙাপৰা গ্ৰাম্য পথ সংমণ্ডলত সহকাৰী অভিযন্তা হিচাপে যোগদান কৰাত শোণিতপুৰ জিলা প্ৰশাসনে তেখেতক জিলাখনলৈ উষ্ম আদৰণি জনায়।মন কৰিবলগীয়া যে এইবাৰ তৃতীয়বাৰৰ বাবে তেখেতে ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰে আৰু ইয়াৰ পূৰ্বে ২০১১ আৰু ২০১৫ চনতো অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰি পদক লাভ কৰিবলৈ হৈছিল। ইয়াৰ উপৰিও CWG 2022ৰ লগতে আৰু কেইবাটাও আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত তেখেতে দেশক প্ৰতিনিধিত্ব কৰিছে। অসম চৰকাৰৰ লোক নিৰ্মাণ (পথ) বিভাগৰ অধীনত গ্ৰাম্য পথ নেটৱৰ্ক মনিটৰিং ইউনিটৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা ২০২২ চনৰ অক্টোবৰ মাহৰ বাবে জিলা উন্নয়ন সমিতিৰ বৈঠকত আজি কাৰ্যবাহী অভিযন্তা অজিত মেধি আৰু জিলা ক্ৰীড়া বিষয়া খনিন্দ্ৰ মুদৈয়েও তানিয়া চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন কৰে।
