গুৱাহাটীত দুটাকৈ বিলাসী বাহনৰ শ্ব’ৰুম ভস্মীভূত

0 20

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ ছেপ্টেম্বৰঃ গুৱাহাটীৰ বেলতলাত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডত জাহ যায় বিলাসী বাহনৰ দুটাকৈ শ্ব’ৰুম। জানিব পৰা মতে সঞ্জীৱ নাৰায়ণ মালিকানাধীন ইছুজু (ISUZU) আৰু বেনিলি (Benili) নামৰ ব্যৱসায়ী প্ৰতিষ্ঠান দুয়োটা সম্পূৰ্ণৰূপে ভস্মীভূত হয়। চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডত জাহ যায় শ্ব’ৰুমত থকা কেইবাখনো বাহন। আনহাতে শ্ব’ৰুমত থকা থকা ছিলিণ্ডাৰো ব্লাষ্ট হয়। প্ৰতিষ্ঠানটোৰ ভিতৰত থকা গাড়ী সমূহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ যায় অগ্নিকাণ্ডৰ ফলত। অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় ১০ খনকৈ গাড়ীৰে জুই নুমোৱাৰ চেষ্টা চলোৱা হয়। কথমপি ৰক্ষা পৰে প্ৰতিষ্ঠানটোৰ পিছফালে মজুত থকা বৃহৎ সংখ্যক গাড়ী। অগ্নিকাণ্ডৰ ফলত বহু কোটি টকাৰ সা-সম্পত্তি ধ্বংস হয়।

মন্তব্য দিয়ক

Your email address will not be published.