গুৱাহাটীত বিচৰণ কৰা বনৰীয়া ম’হক টেংকুলাইজড কৰি গভীৰ বনাঞ্চলত মুকলি

0 12

গুৱাহাটী, ২৬ মে’: গুৱাহাটী মহানগৰীত কালিৰে পৰা আতংকৰ সৃষ্টি কৰা বনৰীয়া ম’হটো আজি টেংকুলাইজড কৰি পুনৰ বনাঞ্চলত মুকলি কৰি দিয়া হয়। বন বিভাগৰ পূব কামৰূপ  সংমণ্ডলৰ অন্তৰ্গত গুৱাহাটী ৰেঞ্জ, অসম ৰাজ্যিক চিৰিয়াখানা আৰু লতাশিল আৰক্ষী থানাৰ সহযোগত পশু চিকিৎসকৰ দলে আজি ম’হটো সফলভাৱে টেংকুলাইজড কৰি শান্ত কৰে। কালিৰে পৰা দিক হেৰুৱাই গুৱাহাটীৰ খাৰঘুলিস্থিত জাইকা পানী যোগান আঁচনিৰ চৌহদত অৱস্থান কৰা ম’হটো ৰাজ্যিক চিৰিয়াখানাৰ পশু চিকিৎসক ডাঃ শংকৰ শৰ্মাই টেংকুলাইজৰ পিছৰ প্ৰয়োজনীয় চিকিৎসা- পৰীক্ষা কৰি ম’হটোক দুটা ড’জ ডাৰ্ট দিয়াৰ পিছত তাৎক্ষণিকভাবে গড়ভঙা বন্যপ্ৰাণী অভয়াৰণ্যলৈ লৈ যোৱা হয়। বিয়লি প্ৰায় ২.৩০ বজাত ম’হটোক গড়ভংগাৰ গভীৰ অৰণ্যত সফলতাৰে মুকলি কৰি দিয়া হয়।

মন্তব্য দিয়ক

Your email address will not be published.