গুৱাহাটীত বিদ্যালয়সমূহক পুৱাৰ প্ৰাৰ্থনা সভা শ্ৰেণী কোঠাত আয়োজন কৰাৰ নিৰ্দেশ

0 110

গুৱাহাটী,৯ আগষ্টঃ গুৱাহাটীৰ ছাত্ৰীবাৰীস্থিত নিকলছ হায়াৰ ছেকাণ্ডাৰী স্কুলৰ ১০ বছৰীয়া এগৰাকী ছাত্ৰীৰ মৃত্যুৰ পিছতে এতিয়া তৎপৰ হৈ পৰিছে শিক্ষা বিভাগ। এতিয়াৰে পৰা বিদ্যালয় সমূহক পুৱাৰ প্ৰাৰ্থনা সভা শ্ৰেণী কোঠাত আয়োজন কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। এই সন্দৰ্ভত আজি নিৰ্দেশনা জাৰি কৰা হয়। উল্লেখ্য যে গুৱাহাটীত বিগত কিছুদিনৰ পৰা প্ৰচণ্ড গৰম পৰিছে আৰু ছাত্ৰ-ছাত্ৰীসকলক গৰমৰ পৰা পৰিত্ৰাণ দিবলৈয়ে শিক্ষা বিভাগে এই সিদ্ধান্ত লৈছে। গুৱাহাটীত চৰকাৰী বিদ্যালয়ৰ লগতে প্ৰতিখন বেচৰকাৰী বিদ্যালয়ে এই নিৰ্দেশনা মানি চলিব লাগিব। কামৰূপ মেট্ৰ’ জিলাৰ বিদ্যালয় পৰিদৰ্শক প্ৰসন্ন বৰাই জাৰি কৰিছে এই নিৰ্দেশনা।অৱশ্যে বিশেষ দিনত প্ৰাৰ্থনা সভা মুকলি ঠাইত কৰিব পাৰিব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে। উল্লেখ্য যে গুৱাহাটীৰ নিকলছ হায়াৰ ছেকাণ্ডাৰী স্কুলৰ এগৰাকী ১০ বছৰীয়া ছাত্ৰীৰ ৬ আগষ্টত গৰমৰ ফলত মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছিল বিদ্যালয়খনৰ একাংশ অভিভাৱকে। ৪ আগষ্টৰ দিনা প্ৰচণ্ড ৰ’দৰ মাজতে প্ৰায় এঘণ্টা ধৰি চলা শোক প্ৰাৰ্থনাৰ মাজতে ১০ বছৰীয়া ছাত্ৰীগৰাকী ঢলি পৰিছিল। কিন্তু ৬ আগষ্টৰ দিনা ছাত্ৰীগৰাকীৰ জি এম চি এইচত মৃত্যু হয়। এই কৰুণ ঘটনাৰ বাবে ছাত্ৰীগৰাকীৰ পৰিয়ালে বিদ্যালয় কৰ্তৃপক্ষক দোষাৰোপ কৰিছিল আৰু এই ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.