শতাব্দ প্রতিনিধি, গুৱাহাটী,২৬ মে’: গুৱাহাটী মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা। মহানগৰীত আজি আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে। গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ নিজৰাপাৰৰ পৰা ক্ৰাইম ব্ৰান্স আৰু গড়চুক আৰক্ষীয়ে যুটীয়া অভিযান চলাই জব্দ কৰে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীখিনি। যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ অধীনত গুৱাহাটী আৰক্ষীয়ে চলোৱা এই অভিযানত ফেন্সিডাইল কফ চিৰাপৰ ১০১ বস্তা জব্দ কৰে। জব্দ কৰা ৩০ হাজাৰ টা ফেন্সিডাইল কফ চিৰাপৰ বটলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১২ কোটি টকা। আৰক্ষীয়ে কফ চিৰাপখিনি কঢ়িয়াই অনা তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা ৩ সৰবৰাহকাৰীৰ হাফিজুৰ ৰহমান আৰু মজিবুৰ ৰহমানৰ ঘৰ মুকালমুৱাত আৰু মৃদুল মালাকাৰৰ ঘৰ পশ্চিম বৰগাঁৱত। কফ চিৰাপখিনি পশ্চিমবংগৰ পৰা আনি গুৱাহাটীত মজুত কৰি ৰখা হৈছিল আৰু মেঘালয় হৈ ম্যানমাৰ আৰু বাংলাদেশলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছিল। আনহাতে আৰক্ষীয়ে কফ চিৰাপখিনিৰ লগতে AS-25-CC-2084 নম্বৰৰ এখন বাহনো জব্দ কৰিছে।