গুৱাহাটীত সপত্নীক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

0 15

চাৰিদিনীয়া অসম আৰু মিজোৰাম ভ্ৰমণসূচী লৈ গুৱাহাটীত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। নিশাটো গুৱাহাটীত কটাই বুধবাৰে তামুলপুৰত বড়ো সাহিত্য সভাৰ অধিবেশনত ভাগ ল’ব দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ মে’ : চাৰিদিনীয়া কেইবাটাও কাৰ্যসূচী লৈ মঙলবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ । ৰাষ্ট্ৰপতিগৰাকীক আজি বৰঝাৰ বিমান বন্দৰত আদৰণি জনাই ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ড‘নাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী বি এল বাৰ্মা, ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস আৰু ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাকে ধৰি কেইবাগৰাকী চৰকাৰী বিষয়াই। উল্লেখ্য যে তামুলপুৰত অনুষ্ঠিত হৈ থকা বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশনত বুধবাৰে মুখ্য অতিথি ৰূপে উপস্থিত থাকিব ৰাষ্ট্ৰপতি কোবিন্দ। মঙলবাৰৰ নিশাটো গুৱাহাটীতেই কটাব দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে । কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত আজি নিশা পাৰ কৰিব ৰাষ্ট্ৰপতি কোবিন্দে। বুধবাৰে পুৱাই সপত্নীক গুৱাহাটীৰ পৰা ৰাওনা হ’ব তামুলপুৰলৈ । ইতিমধ্যে ৰাষ্ট্ৰপতিক আদৰিবলৈ তামুলপুৰত চলিছে ব্যাপক আয়োজন। কাইলৈ দিনৰ প্ৰায় ডেৰ বজাত ৰাষ্ট্ৰপতিগৰাকীয়ে তামুলপুৰৰ উক্ত অনুষ্ঠানত ভাগ লৈ গুৱাহাটীলৈ উভতি আহিব । বিয়লি চাৰি বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে ড’নাৰ মন্ত্ৰণালয়ে আয়োজন কৰা উত্তৰ-পূৱ সমাৰোহৰ অনুষ্ঠানত ভাগ ল’ব। এই সমাৰোহৰ বাবে ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে কেন্দ্ৰীয় ড‘নাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী বি এল বাৰ্মা। উত্তৰ-পূৱ সমাৰোহৰ কাৰ্যসূচীৰ পিছত বুধবাৰৰ নিশাটোও কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাতে কটাব ৰাষ্ট্ৰপতিগৰাকীয়ে। ইয়াৰ পাছত বৃহস্পতিবাৰে পুৱাই ৰাষ্ট্ৰপতি কোবিন্দ মিজোৰামলৈ ৰাওনা হ’ব। মিজোৰামত কেইবাটাও অনুষ্ঠানত ভাগ লৈ ৬ মে’ত ৰাষ্ট্ৰপতিগৰাকী দিল্লীলৈ উভতি যাব।

মন্তব্য দিয়ক

Your email address will not be published.