গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ত মন্ত্ৰী পিযুষ হাজৰিকা

0 13

গুৱাহাটী,১১ জুলাইঃ সোমবাৰে গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয় মন্ত্ৰী পিযুষ হাজৰিকা। বিদ্যালয়খনত উপস্থিত হৈ মন্ত্ৰী হাজৰিকাই অসমৰ বিভিন্ন স্থানৰ প্ৰায় ৯৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰি থকা বিদ্যালয়খনৰ শ্ৰেণী কোঠা, নিৰ্মীয়মান বিদ্যালয় গৃহ আদি পৰ্যবেক্ষণ কৰে। তদুপৰি তেওঁ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী আৰু শিক্ষক সকল সৈতে বিদ্যালয়খনৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। লগতে তেওঁ বিদ্যালয়খনৰ সমস্যা সমূহৰ ক্ষিপ্ৰ সমাধানৰ বাবে বিভাগৰ সঞ্চালকক নিৰ্দেশ দিয়ে। উল্লেখ্য যে মন্ত্ৰী গৰাকীয়ে বিদ্যালয়খন পৰিদৰ্শন কৰাৰ সময়ত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ প্ৰধান সচিব মুকেশ চাহু আৰু সঞ্চালক কিশোৰ ঠাকুৰীয়া, দিব্যাংগ কল্যাণ বিভাগৰ সঞ্চালক, কামৰূপ মেট্ৰো জিলাৰ সমাজ কল্যাণ বিষয়া প্ৰমুখ্যে বিভাগীয় বিষয়া সকল উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.