গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জন কলিতা

বিভিন্ন অনুষ্ঠান - ব্যক্তিৰ অভিনন্দন

0 60

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৭ মাৰ্চ : অসম কলেজ অধ্যক্ষ পৰিষদৰ সম্পাদক তথা ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ তেজপুৰ নিবাসী ড° ৰঞ্জন কলিতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাত তেজপুৰৰ বিভিন্ন ব্যক্তি – অনুষ্ঠানে অভিনন্দন জ্ঞাপন কৰিছে। তেজপুৰৰ বিভিন্ন সামাজিক – সংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠানৰ সৈতে জড়িত ড° ৰঞ্জন কলিতা বিশ্ববিদ্যালয়খনৰ কাৰ্যবাহী পৰিষদৰ তিনিবছৰীয়া কাৰ্যকালৰ সদস্য হিচাপে নিৰ্বাচিত হোৱা বুলি ২৫ মাৰ্চ তাৰিখে ঘোষিত হোৱাৰ পিছতেই উৎফুল্ল হৈ পৰিছে তেজপুৰবাসী। উল্লেখ্য যে তেজপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপকৰ পৰা ৰঙাপৰা মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে যোগদান কৰাৰ পিছতেই মহাবিদ্যালয়খনৰ উত্তৰণ আৰু বিকাশৰ চকুত লগা পৰিৱৰ্তন কৰাই নহয় বিদ্যায়তনিক দিশতো কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱাত অসমৰ শ্ৰেষ্ঠ অধ্যক্ষ হিচাপেও স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। তেজপুৰৰ সকলো শ্ৰেণীৰ লোকৰ মাজতেই অতি জনপ্ৰিয় যুৱ অধ্যক্ষ গৰাকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ এনে সদস্যৰ আসনত অলংকৃত হোৱাত নিজ মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে তেজপুৰৰ মহাবিদ্যালয় কৰ্তৃপক্ষ, তেজপুৰ সাহিত্য সভা, বাণ থিয়েটাৰ, শোণিতপুৰ জিলা সাহিত্য সভা, অসমীয়া ক্লাব, তৰুণ অসম সংঘ, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, শোণিতপুৰ প্ৰেছ ক্লাব আদিয়ে উষ্ম অভিনন্দন জ্ঞাপন কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.