গুৱাহাটী মেট্ৰ’ৰ শিক্ষানুষ্ঠানত বৃক্ষৰোপণ অভিযান আৰম্ভ বন বিভাগৰ

0 36

গুৱাহাটী, ৭ মেঃ  বন বিভাগৰ (কামৰূপ পূব) অধীনৰ গুৱাহাটী ৰেঞ্জে হেঙেৰাবাৰী বীট কাৰ্যালয়ৰ অধীনত দিছপুৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ৭ মেত  ৫০ টা পুলি ৰোপণ আৰু বিতৰণ কৰি ৰেঞ্জৰ অধীনৰ গুৱাহাটী মেট্ৰ’ৰ শিক্ষা প্ৰতিষ্ঠানসমূহত বৃক্ষৰোপণ অভিযান আৰম্ভ কৰিছে। অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি ভাৰত চৰকাৰ ২০২২-২৩ বৰ্ষৰ বাবে টুৱেণ্টি পইণ্ট কাৰ্যসূচীৰ অধীনত আজিৰ এই বিশেষ অনুষ্ঠানটো DFO ৰোহিণী বল্লভ ডেকা, IFS, আৰু জ্ঞান ৰঞ্জন দাস, কামৰূপ পূব বন বিভাগৰ এচিএফৰ উপস্থিতিত বিদ্যালয়ৰ অধ্যক্ষা মৃদুলা দত্ত গোহাইৰ দ্বাৰা উদ্বোধন কৰা হয়।

এইবছৰৰ বাৰিষা ঋতুত এই কাৰ্যসূচীৰে চহৰখনৰ বিভিন্ন শিক্ষানুষ্ঠানত ৩০০০ পুলি ৰোপণ কৰিবলৈ লক্ষ্য স্থিৰ কৰি লৈছে, যাৰ উদ্দেশ্য হৈছে চহৰখনৰ বিভিন্ন শ্ৰেণীৰ বিদ্যালয়, মহাবিদ্যালয় আৰু প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলৰ মাজত অসমৰ স্থানীয় উদ্ভিদ প্ৰজাতিৰ ঔষধি গুণ আৰু পাৰিপাৰ্শ্বিক গুৰুত্ব সম্পৰ্কে ব্যাপক সজাগতা প্ৰদান কৰা। সেই উদ্দেশ্যেই বৰ্তমান আমলখি, অৰ্জুন, মধুৰী, বকুল, আজাৰ, মহানিম, ৰঙা চন্দন ইত্যাদি উদ্ভিদৰ প্ৰজাতিবোৰৰ নিৰূপণ কৰিছে। এইবোৰৰ ভিতৰত আছে বেছিভাগ ঔষধি আৰু ফলাহাৰ প্ৰজাতিৰ উদ্ভিদ।

মন্তব্য দিয়ক

Your email address will not be published.