গুৱাহাটী-শিলচৰৰ মাজত পুনৰ বিশেষ বিমান সেৱাৰ ব্যৱস্থা

0 17

বান পৰিস্থিতি আৰু ভূমিস্খলনৰ বাবে বৰাক উপত্যকাৰ সৈতে যোগাযোগ ব্যৱস্থা ব্যাহত। গুৱাহাটী আৰু শিলচৰৰ মাজত যাতায়াতৰ সুবিধাৰ বাবে অসম পর্যটন উন্নয়ন নিগমে বিশেষ বিমান সেৱাৰ ব্যৱস্থা কৰিছে। টিকটৰ মূল্য ৪ হাজাৰ টকা ধাৰ্য কৰা হৈছে।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুনঃ নেৰা-নেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা শেহতীয়া বান পৰিস্থিতি আৰু ভূমিস্খলনৰ বাবে বৰাক উপত্যকাৰ সৈতে যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে। ইয়াৰ বাবে গুৱাহাটী আৰু শিলচৰৰ মাজত যাতায়াতৰ সুবিধাৰ বাবে অসম পর্যটন উন্নয়ন নিগমে (এটিডিচি) বিশেষ বিমান সেৱাৰ ব্যৱস্থা কৰিছে। ফ্লাই বিগৰ সহযোগত এটিডিচিয়ে ১৮ আৰু ১৯ জুনত গুৱাহাটীৰ পৰা শিলচৰলৈ সন্ধিয়া ৬ বজাত আৰু শিলচৰৰ পৰা গুৱাহাটীলৈ সন্ধিয়া ৭-১০ বজাত এই বিমান সেৱাৰ ব্যৱস্থা কৰিছে। ২০ জুনৰ পৰা গুৱাহাটীৰ পৰা শিলচৰলৈ পুৱা ৭-৪৫ বজাত আৰু শিলচৰৰ পৰা গুৱাহাটীলৈ পুৱা ৮-৫৫ বজাত এনে বিমান সেৱাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ যে শিলচৰত জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই বিমান সেৱাৰ বাবে টিকটৰ বিশেষ কাউণ্টাৰৰ ব্যৱস্থা কৰা হৈছে। সেইদৰে গুৱাহাটীৰ পল্টন বজাৰৰ পৰ্যটন ভৱনৰ ৰে’ড ৰিভাৰ ট্ৰেভেলছত (এটিডিচিৰ ইউনিট) ইচ্ছুক যাত্রীসকলে টিকট ক্ৰয় কৰিব পাৰিব। টিকটৰ মূল্য ৪ হাজাৰ টকা ধাৰ্য কৰা হৈছে। যাত্ৰীসকলে ৮১৩৫৯-০২৯৭৩ নম্বৰত ফোন কৰি বা atdcflightservice@gmail.comত মেইল কৰিও টিকট বুক কৰিব পাৰিব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই জনাইছে। টিকট বুক কৰাৰ বাবে নগদ/কার্ড/ইউ পি আই যোগে ধন আদায় দিব পাৰিব। ৮১৩৫৯-০২৯৭৩ নম্বৰত ইউ পি আই পেমেণ্ট/গুগুল পে’ যোগে ধন আদায় দিব পাৰিব। উল্লেখ যে ইয়াৰ পূৰ্বেও ডিমা হাচাওত হোৱা ভয়াৱহ ভূমিস্ফলনৰ বাবে চৰকাৰে বিমান সেৱাৰ ব্যৱস্থা কৰিছিল। সেইসময়ত টিকটৰ মূল্য তিনি হাজাৰ টকা ধাৰ্য কৰা হৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.