গুৱাহাটী ৰে’লৱে ষ্টেচনত নগদ ২২ লাখ টকা উদ্ধাৰ, গ্ৰেপ্তাৰ এজনক

0 18

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ আগষ্ট: গুৱাহাটী ৰে’লৱে ষ্টেচনত দেওবাৰে উদ্ধাৰ হয় নগদ ২২ লাখ টকা। আৰক্ষীয়ে টকাসহ আটক কৰে বিহাৰৰ চঞ্জেশ কুমাৰ সিং( ৪০) নামৰ লোকজনক। ৰে’লৱে আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত দেওবাৰে ৰাজধানী এক্সপ্ৰেছত অভিযান চলাই জব্দ কৰে ধনখিনি। ধৃত লোকজনে এটা বেগৰ ভিতৰত দুটা টোপলাত ১১ টা ৫০০ টকীয়া নোটৰ বাণ্ডিল আনিছিল। জব্দ হোৱা ধনখিন ডিমাপুৰৰ পৰা বাৰাউনি ষ্টেচনলৈ নিয়াৰ পৰিকল্পনা কৰিছিল লোকজনে। টকাখিনি ক’ৰ পৰা কি উদ্দেশ্যে আনিছিল সেই তথ্য এতিয়ালৈ লাভ কৰা নাই।

মন্তব্য দিয়ক

Your email address will not be published.