গুৱাহাটী ৰে’লৱে ষ্টেচনত সোণৰ বিস্কুটসহ এজনক গ্ৰেপ্তাৰ

0 13

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৪ আগষ্টঃ গুৱাহাটী ৰে’লৱে ষ্টেচনত সোণ জব্দ। এজন সৰবৰাহকাৰীসহ পুৱা ৰাজধানী এক্মপ্ৰেছত জব্দ দুটা সোণৰ বিস্কুট। বিস্কুট দুটাৰ ওজন ৩২৩ গ্ৰাম। ডিমাপুৰৰ পৰা চেন্নাইলৈ নি আছিল সোণৰ বিস্কুট দুটা। পেন্টৰ পকেটত ভৰাই সৰবৰাহ কৰিছিল ২টা সোণৰ বিস্কুট। সোণৰ বিস্কুট দুটাৰ মূল্য প্ৰায় ১৫ লাখ টকা। মহম্মদ মহিউদ্দিন নামৰ তামিলনাডুৰ যুৱকজনে সৰবৰাহ কৰিছিল সোণৰ বিস্কুট দুটা। জি আৰ পি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক।

মন্তব্য দিয়ক

Your email address will not be published.