গুৱাহাটী ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বিদেশী চিগাৰেট জব্দ

0 10

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৭ জুলাইঃ গুৱাহাটী ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বিদেশী চিগাৰেট। জি আৰ পি আৰু আৰ পি এফৰ অভিযানত ৭০০ গ্ৰাম মৰ্ফিন আৰু বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেটৰ পেকেট জব্দ কৰা হৈছে। এই নিচাজাতীয় সামগ্ৰীখিনি উজনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হৈছে। জব্দকৃত সামগ্ৰীখিনিৰ মূল্য ৬০ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জনায়। আৰক্ষী বিষয়া প্ৰসেনজিৎ দাসৰ নেতৃত্বত বহুকেইখন ৰে’লত চলিছিল অভিযান। অতি কৌশলেৰে দুটা বেগৰ ভিতৰত সৰবৰাহ কৰি আনিছিল নিচাজাতীয় দ্ৰব্যখিনি। আনহাতে দুটা ট্ৰলী বেগৰ ভিতৰত আনিছিল বিদেশী চিগাৰেটখিনি। ৰে’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন মৰ্ফিন সৰবৰাহকাৰী আৰু এজন চিগাৰেট সৰবৰাহকাৰীক।

মন্তব্য দিয়ক

Your email address will not be published.