গেৰুকামুখত অঘটনঃ সুৰংগৰ ভিতৰত ৰিব খহি থিতাতে এজন নিহত: আহত ২

0 222

শতাব্দ প্ৰতিনিধি, লখিমপুৰ , ৬ জুনঃ গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত আজি পুনৰ এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত জিতু হাতীবৰুৱা নামৰ এজন লোক ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে এনএইচ পি চিৰ অধীনৰ ঠিকাদাৰী সংস্থা পাটেল ইঞ্জিনীয়াৰিঙৰ দুজন কৰ্মচাৰী গুৰুতৰ ভাবে আহত হয় । প্ৰাপ্ত তথ্য অনুসৰি ঠিকাদাৰৰ অধীনস্থ এই কৰ্মচাৰী কেইজনে প্ৰকল্পটোৰ ২ নং টানেলৰ ভিতৰত ক্ৰংকিটৰ ৰিব (Rib) লগাই থকা অৱস্থাতে পুৱা ১১.৩০ মান বজাত ৰিব খহি পৰাত জিতু হাতীবৰুৱাৰ নিহত হয়। ধেমাজি জিলাৰ গেৰুকামুখ আৰক্ষী থানাৰ অন্তৰ্গত মিংমাং পাৰ্বতীপুৰ নিৱাসী ফণীধৰ হাতীবৰুৱাৰ পুত্ৰ জিতু হাতীবৰুৱাই পূৰ্বৰ দৰে আজি পুৱাই এন এইচ পি চিৰ অধীনৰ ঠিকাদাৰী সংস্থা পাটেল ইঞ্জিনীয়াৰিঙৰ কাম কৰিবলৈ যায়। জিতু হাতীবৰুৱাই পাটেল ইঞ্জিনীয়াৰিঙৰ এছ আৰ টি ২ত বিপদসংকুল ভাবে সুৰংগৰ ভিতৰত ক্ৰংকিটৰ ৰিব লগাই থকা অৱস্থাতে উক্ত ৰিব খহি তেঁওৰ মৃত্যু হয়। এই ঘটনাত পাটেল ইঞ্জিনীয়াৰিঙৰ আন দুজন কৰ্মচাৰী গুৰুতৰ ভাবে আহত হয় । উল্লেখনীয় কথা যে, চলিত সপ্তাহত অসম-অৰুণাচল সীমান্তৱৰ্ত্তী অঞ্চলত প্ৰবল বৃষ্টিপাত হৈ থকাৰ লগতে ঠায়ে ঠায়ে প্ৰবল ভূমিস্খলন হৈছে । এনে সময়ত এন এইচ পিচিয়ে শ্ৰমিকসকলৰ সুৰক্ষাৰ স্বাৰ্থত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সাময়িকভাৱে স্থগিত ৰাখিব লাগিছিল যদিও শ্ৰমিক আৰু জনসাধাৰণৰ জীৱনক বন্ধকত ৰাখি এন এইচ পি চিয়ে প্ৰকল্প নিৰ্মাণ বিপদসংকুল ভাবে অব্যাহত ৰাখিছে । এন এইচ পি চিৰ এনে কাৰ্যৰ বিৰুদ্ধে বহু শ্ৰমিকে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল যদিও এন এইচ পি চিয়ে কৌশলেৰে সকলো শ্ৰমিকক ছুটী দিয়ে । এন এইচ পি চিৰ এনে অমানৱীয় কাৰ্যক গোগামুখ আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে তীব্ৰ গৰিহণা দিছে।

 

মন্তব্য দিয়ক

Your email address will not be published.