গ্রীনলেণ্ডত উদ্বেগজনকভাৱে গলিছে বৰফ

উপগ্ৰহৰ ফটোৱে বঢ়াইছে চিন্তা

0 56
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ জুলাই : পানীৰ ধাৰা নৈৰ দৰে বৈ গৈছে। সেই পানীৰ ধাৰাটোৰ কিছু অংশ বগা। ইয়াৰ পিছত লাহে লাহে নীলা হৈ পৰিছে। কপাৰনিকাছ উপগ্ৰহৰ দ্বাৰা তোলা এই ফটোখন দেখাত এক অতীতৰ প্ৰাকৃতিক দৃশ্যৰ দৰে। নদীৰ প্ৰৱেশ অঞ্চল। পৰিৱেশ বিজ্ঞানীসকলে কয়, আচলতে ফটোখনত লুকাই আছে এটা ‘ভৱিষ্যতৰ আতংক’। ফটোখন উত্তৰ গ্ৰীণলেণ্ডৰ। অতি উত্তাপৰ ফলত বৰফ গলি যোৱাৰ ফটো। তথ্য অনুসৰি চলিত মাহত তীব্ৰ তাপৰ বাবে গ্ৰীণলেণ্ডত ৬ বিলিয়ন টন বৰফ গলি যোৱাৰ ফলত আমেৰিকাৰ পশ্চিম ভাৰ্জিনিয়া চহৰখন এক ফুট পানীৰ তলত ডুব যাব পাৰে। পৰিৱেশ বিজ্ঞানীসকলে জনোৱা মতে, ১৫ৰ পৰা ১৭ জুলাইৰ ভিতৰত তীব্ৰ তাপৰ বাবে গ্ৰীণলেণ্ডৰ বৰফৰ তৰপটো ব্যাপক হাৰত গলিবলৈ আৰম্ভ কৰিছিল। ফলত কোটি কোটি গেলন মিঠা পানী সাগৰলৈ বৈ গৈছে। এই মাহত এন্টাৰ্কটিকাৰ তাপমাত্ৰা আছিল ১৬ ডিগ্ৰী চেলছিয়াছ। বিজ্ঞানীসকলে কয় যে এয়া অভূতপূৰ্ব। কাৰণ সেই অঞ্চলৰ উষ্ণতা গ্ৰীষ্মকালতো বৰফ জমা হোৱাৰ তলত থাকে। সৰ্বাধিক ই শূন্য ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে। কিন্তু, এই মাহৰ উষ্ণতাই সেই সকলোবোৰ হিচাপ অতিক্ৰম কৰিলে। আৰু তাৰ বাবেই বৰফ গলি সাগৰৰ পানীৰ লগত মিহলি হৈ আছে। এনেদৰে তাপ বৃদ্ধি কিয় ঘটিছে? বিজ্ঞানী আৰু পৰিৱেশবিদসকলে গোলকীয় উষ্ণতা বৃদ্ধি ইয়াৰ কাৰণ হিচাপে আঙুলিয়াই দিয়ে। নাছাই সকীয়াই দিছে যে গ্রীনলেণ্ডৰ সকলো বৰফ যদি সম্প্ৰতি বৰফ গলি থকা হাৰত গলি থাকে তেন্তে বিশ্বৰ মহাসাগৰৰ স্তৰ ২৩ ফুট বৃদ্ধি পাব। ক’লৰাডো বিশ্ববিদ্যালয়ৰ বিজ্ঞানী টেড স্কাম্ব’ছৰ মতেও যোৱা সপ্তাহত উত্তৰ গ্ৰীণলেণ্ডৰ বৰফ গলি যোৱাৰ হাৰ অস্বাভাৱিক।
মন্তব্য দিয়ক

Your email address will not be published.