চতিয়াত ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা সমদল

0 9
শতাব্দ প্ৰতিনিধি, জামুগুৰিহাট, ১ আগষ্টঃ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে ভাৰত চৰকাৰে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। ইতিমধ্যে জাতীয় পতাকাৰ বাবে বিভিন্ন অঞ্চলত পতাকা বিপনন কেন্দ্ৰ স্থাপন কৰা হৈছে। অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টত ঘৰে ঘৰে উৰিব ত্ৰিৰংগা। এই উদ্দেশ্যেৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা অসম ৰাজ্যিক গ্ৰামিণ জীৱিকা অভিযানৰ উদ্যোগত ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীৰ সন্দৰ্ভত সজাগতা সমদল। আজি চতিয়া খণ্ড উন্নয়ন কাৰ্যালয়ৰ পৰা উলিওৱা হয় সজাগতাৰ এক সমদল। উক্ত সমদলৰ ফ্লেগ অফ কৰে চতিয়া খণ্ড উন্নয়ন বিষয়া পলক শৰ্মাই। জীৱিকা সখীসকলে স্কুটী লৈ এই সমদলত অংশগ্ৰহণ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.