চতিয়াত মঙ্গলবৰীয়াত অনুষ্ঠিত বিনামূলীয়া চিকিৎসা শিবিৰ

0 19
শতাব্দ প্ৰতনিধি, জামুগুৰিহাট, ৩০ ছেপ্টেম্বৰঃ চতিয়া সমষ্টিৰ অন্তৰ্গত মঙ্গলবৰীয়া সামুহিক মঞ্চত আজি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উদ্যোগত নদুৱাৰ খণ্ডৰ সৌজন্যত, মদন হোমিঅ’ৰ দ্বাৰা উত্তৰ মুঢ়াদল মণ্ডলৰ সহযোগত এটি বিনামূলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত হয়৷ বিশেষজ্ঞ চিকিৎসকসকলৰ দ্বাৰা অনুষ্ঠিত কৰা এই চিকিৎসা শিৱিৰটো আনুষ্ঠানিকভাৱে পূৱা শুভ উদ্ধোধন কৰি মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে   কয়- এনেধৰণৰ চিকিৎসা ব্যৱস্থাৰ জৰিয়তে এই অঞ্চলৰ দুখীয়া নিচলা ৰাইজ উপকৃত হ’ব৷ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই যি ব্যৱস্থা হাতত লৈছে সেইয়া প্ৰশংসনীয়৷ বিনামূলীয়া চিকিৎসা শিৱিৰত অংশ লোৱা সকলো চিকিৎসক, চিকিৎসা কৰ্মীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে মুঢ়াদল জিলা পৰিষদৰ সদস্যগৰাকীয়ে৷ উক্ত শিৱিৰ অনুষ্ঠানত উত্তৰ মুঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰ, অঞ্চলৰে জেষ্ঠ সমাজকৰ্মী প্ৰবিন দাসৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
মন্তব্য দিয়ক

Your email address will not be published.