চতিয়াৰ যুৱক কৃষ্ণ ৰয় কে এল অ’  যোগদান কৰাক লৈ চাঞ্চল্য

0 19

চতিয়া,২৮ মে: আজি বিশ্বনাথ জিলাৰ চতিয়াৰ বুদুআটি গাঁৱৰ কৃষ্ণ ৰয় নামৰ যুবকজনৰ কে এল অ’ নামৰ সংগঠনটোত যোগদানৰ ভিডিঅ’ ভাইৰেল হোৱাক লৈ চাঞ্চল্য সৃষ্টি হৈছে সমগ্ৰ বিশ্বনাথ জিলা প্ৰশাসনৰ মাজত । সামৰিক বাহিনীৰ পোচাক পৰিধান কৰি যুবকজনে নিজৰ নাম ঠিকনা আৰু নিজকে এজন কে এল অ’ বুলি পৰিচয় দিয়া ভিডিঅ’ সামাজিক মাধ্যমত দিয়াৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰৱৰ্তী সময়ত জানিব পৰা মতে ইতিমধ্যে কে এল অ’ত যোগদান কৰা কৃষ্ণ ৰয়ৰ ঘৰ বিশ্বনাথ জিলাৰ চতিয়া থানাৰ অন্তৰ্গত বুদুআটী গাঁৱত। তেওঁৰ পত্নী বাসন্তী দেৱীয়ে ভিডিঅ’ দেখি ইতিমধ্যে নিশ্চিত হৈছে তেওঁৰ স্বামী বুলি । ৭ আৰু ৩ বছৰীয়া দুটি পুত্ৰ সন্তান আছে যুৱক জনৰ । যোৱা ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখে অৰুণাচলত কাম কৰিম বুলি ঘৰৰ পৰা ওলাই গৈছিল কৃষ্ণ। তিনিমাহে পত্নীৰ সৈতে কোনো যোগাযোগ নথকা কৃষ্ণৰ পত্নীয়ে আজি ভিডিঅ’ দেখিহে নিশ্চিত হয় স্বামী কে এল অ’ত যোগদান কৰিছে বুলি । পত্নীয়ে খৰাহি, দলা, ঢাৰি আদি প্ৰস্তুত কৰি দুই সন্তানক পোহপাল দি আছে । পত্নীৰ আহ্বান তেওঁ পুনৰ নিজ ঘৰলৈ ঘূৰি আহক । কাৰণ সংসাৰ চলাবলৈ আৰু কোনো নাই তেওঁৰ পৰিয়ালত।

মন্তব্য দিয়ক

Your email address will not be published.