চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নিৰ্দেশত চতিয়াত কৃতি শিক্ষাৰ্থীলৈ অভিনন্দন

0 17
শতাব্দ প্ৰতিনিধি, জামুগুৰিহাট, ৩০ জুনঃ চতিয়া সমষ্টিৰ অন্তৰ্গত অন্যতম শিক্ষানুষ্ঠান দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হোলাকান চিনিয়ৰ ছেকেণ্ডেৰীত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নিদেৰ্শ মৰ্মে কৃতি শিক্ষাৰ্থীসকলক উষ্ম অভিনন্দন জ্ঞাপন কৰে। দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হোলাকান চিনিয়ৰ ছেকেণ্ডেৰিত আজি সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত সুখ্যাতিৰে উত্তীর্ণ হোৱা কৃতি শিক্ষাৰ্থীসকলক চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ অভিনন্দন পত্ৰ প্ৰদান কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই। ইটাখোলা অঞ্চলৰ পৰা দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ২৩ গৰাকী আৰু হোলাকান চিনিয়ৰ ছেকেণ্ডেৰীৰ পৰা সুখ্যাতিৰে উত্তীর্ণ হোৱা সাতগৰাকিকৈ শিক্ষাৰ্থীক চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাৰ লগত সমূহ সদস্যবৃন্দই কৃতি শিক্ষাৰ্থীসকলক ফুলাম গামোছা, এটা কলম আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই প্ৰেৰণ কৰা অভিনন্দন পত্ৰৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।
মন্তব্য দিয়ক

Your email address will not be published.