চতুৰ্থ ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত ২৩১ টা পদকেৰে অসম তৃতীয়

 শোণিতপুৰৰ খেলুৱৈৰ সফলতা

0 9

শতাব্দ প্ৰতিনিধি তেজপুৰ,২৯মে’: ত্ৰিবান্দ্ৰমত ১৮-২২মে’লৈকে অনুষ্ঠিত হোৱা চতুৰ্থ ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত ৮৭ টা সোণৰ, ৭৯ টা ৰূপৰ আৰু ৬৫ টা ব্ৰঞ্জৰ পদকসহ ২৩১ টা পদকেৰে অসমে তৃতীয় স্থান অৰ্জন কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে এইবাৰ ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত বেডমিণ্টন, ফুটবল, ভলীবল, আৰ্চাৰী, পাৱাৰ লিফ্টিং, চুইমিং আৰু এথলেটিকছত অংশগ্ৰহণ কৰি অসমৰ ৩০২ গৰাকী খেলুৱৈৰ ভিতৰত ২৩১ গৰাকীয়ে পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। দলটোত ৩০২ গৰাকী খেলুৱৈ আৰু প্ৰশিক্ষক সহ ৩০৯ জনীয়া দলটোৰ অংশ আছিল শোণিতপুৰৰ ২৫ গৰাকী প্ৰবীন খেলুৱৈ। ৰাজ্যক প্ৰতিনিধিত্ব কৰা শোণিতপুৰৰ এই ২৫ গৰাকী খেলুৱৈৰ ভিতৰত ১২ গৰাকী খেলুৱৈয়ে বিভিন্ন শিতানত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ মুঠ ২২ টা পদক বুটলিবলৈ সক্ষম হৈছে। কেৰালাৰ পৰা শোণিতপুৰৰ খেলুৱৈসকলৰ একাংশ আহি যোৱা নিশা তেজপুৰত উপস্থিত হোৱাৰ পাছতে জিলাখনৰ এইসকল খেলুৱৈৰ সাফল্যই ৰাইজক উৎফুল্লিত কৰিছে। পদক লাভ কৰা খেলুৱৈ সকলৰ ভিতৰত এখন ভঙা হাতেৰেই বেডমিন্টনত ব্ৰঞ্জ আৰু সোণ অৰ্জন কৰে খেলুৱৈ অৰুন্ধতী গগৈয়ে। একেদৰে পেটৰ অস্ত্ৰাপচাৰ কৰাৰ এমাহ নৌহওঁতেই খেলি বেডমিণ্টনত ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হয় আন এগৰাকী খেলুৱৈ সাধনা বেজবৰুৱাই। ইপিনে, সাঁতোৰৰ কোনো অনুশীলন নকৰাকৈয়ে দুটা সোণ আৰু তিনিটা ৰূপৰ পদক অৰ্জন কৰে ভদ্ৰাৱতী দাস আৰু পৰী ভূঞা কেওঁটে। এই সকল খেলুৱৈৰ এনে সাফল্যই তেজপুৰৰ ক্ৰীড়া অনুৰাগী সকলে গভীৰ সন্তুষ্টি প্ৰকাশ কৰিছে

মন্তব্য দিয়ক

Your email address will not be published.