শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ এপ্ৰিল : আমেৰিকাৰ মুন মিছনক লৈ এক বৃহৎ ঘটনাৰ কথা পোহৰলৈ আহিছে। কিছু গোপন নথিৰ পৰা জনা গৈছে যে, আমেৰিকাৰ পৰিকল্পনা আছিল চন্দ্ৰত পাৰমাণৱিক বিস্ফোৰণ ঘটাব। এডভান্সড এৰ’স্পেচ থ্রেট আইডেন্টিফিকেচন প্রগ্রেমৰ (AATIP) অধীনত মার্কিন যুক্তৰাষ্ট্রই এই মিছনৰ বাবে বহু ধন ব্যয় কৰিও প্রত্যাশিত সাফল্য নাপালে। জনা গৈছে, মার্কিন যুক্তৰাষ্ট্রই এনে এক পৰিকল্পনা লৈ কাম কৰিছিল, যিটো বিশ্বাস কৰা খুব কঠিন। তেওঁলোকৰ মিছনৰ ভিতৰত আছিল ভিজিবিলিটি ক্লক, এন্টিগ্রেভিটি ডিভাইছ, ট্রেভেৰ্চেবল ৱার্মহ’ল আৰু পাৰমাণৱিক অস্ত্রৰ বিস্ফোৰণ ঘটাই চন্দ্ৰত সুৰংগ তৈয়াৰ কৰা। যদিও বর্তমান AATIP নিষ্ক্রিয় হৈ আছে। ১৬০০ পৃষ্ঠাৰ নথিত AATIPৰ গৱেষণা সম্পর্কে অনেক নতুন খবৰ জনা গৈছে। নথিবোৰত দেখা গৈছে যে, AATIP এক গোপন সংস্থা। ইয়াৰ সম্পর্কে প্রথমবাৰ জনা যায় ২০১৭ চনত, যেতিয়া ইয়াৰ প্রাক্তন পৰিচালক লুইচ এলিজোণ্ডোৱে পেন্টাগনৰ পৰা পদত্যাগ কৰিছিল। তেতিয়া দাবী কৰা হৈছিল যে, এই চন্দ্ৰ অভিযানত প্রায় ২২ মিলিয়ন ডলাৰ খৰচ হৈছে। এই সংস্থাই চন্দ্ৰত যি পৰমাণু বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল, তাৰ বাবে প্ৰয়োজনীয় অর্থৰ যোগান ধৰিছিল মার্কিন প্রতিৰক্ষা বিভাগে। বহুবাৰ ইউএফঅ’ সম্পর্কে আলোচনাৰ কেন্দ্রতো আছিল এই সংস্থাটো। তথ্যৰ পৰা জনা গৈছে যে, আমেৰিকাই চন্দ্ৰৰ মূল অংশত খনন চলাব বিচাৰিছিল। ইয়াৰ কাৰণ আছিল ইস্পাতৰ দৰে শক্তিশালী, কিন্তু তাতকৈ ১০০,০০০ গুণ লেহুকা ধাতুৰ আৱিষ্কাৰ কৰিবলৈ চেষ্টা চলোৱা। এই ধাতু মহাকাশযান তৈয়াৰত ব্যৱহাৰ কৰাৰ বাবেই এই মিছনৰ পৰিকল্পনা কৰা হৈছিল। মিছনৰ লগত যুক্ত বিজ্ঞানীসকলে চন্দ্ৰৰ কেন্দ্রত উপনীত হোৱাৰ উদ্দেশ্য চন্দ্রত থার্মনিউক্লিয়াৰ বিস্ফোৰকৰ দ্বাৰা এটা সুৰংগ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু এই পৰিকল্পনা সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰা সম্ভৱ নহ’ল।