শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৩ আগষ্ট: চন্দ্ৰযান-৩ৰ সফলতাৰ সৈতে জড়িত হৈ পৰিছে অসমৰ তিনিচুকীয়া জিলাৰ নাম৷ কিয়নো চন্দ্ৰযান-৩ৰ সফল অভিযানৰ অন্তৰালত আছে সুদীৰ্ঘ এটা দশক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত (ইছৰ’) বিজ্ঞানীৰূপে কৰ্মৰত হৈ থকা তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মাৰ বিশেষ অৱদান৷ উল্লেখ্য যে চন্দ্ৰযান-২ৰ অভিযানৰ সৈতেও জড়িত হৈ আছিল আজি ’য়ুথ আইকন’ত পৰিণত হোৱা তিনিচুকীয়াৰ এই যুৱ বিজ্ঞানীগৰাকী৷ তিনিচুকীয়া চহৰৰ ৰাজাআলি অঞ্চল নিবাসী দীপক দেৱ আৰু শিখা দেৱৰ বোৱাৰী তথা দিবাকৰ দেৱৰ পত্নী নিধি শৰ্মাই ছমাহৰ সন্তানসম্ভৱা হৈ থকাৰ সময়তো দেশৰ সেৱাত উৎসৰ্গা কৰিছে নিজৰ তুমুল প্ৰত্যাহ্বানেৰে ভৰা চাকৰি জীৱনৰ প্ৰতিটো ক্ষণ৷ বিগত ২০১৯ চনত দিবাকৰ দেৱৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা মহাকাশ বিজ্ঞানীগৰাকীয়ে বাংগালোৰত থকা বাসগৃহ এৰি বিগত প্ৰায় এমাহ পাৰ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অন্তৰ্গত এলেকাত৷ অতিপাত কৰ্মব্যস্ততাৰ বাবে পৰিয়ালৰ সৈতেও তেখেতৰ যোগাযোগ ক্ষীণ৷ মাজতে মাথোঁঁ হৈছে বাংগালোৰত কৰ্মৰত স্বামীৰ সৈতে কেইটামান মূহূৰ্তৰ বাৰ্তালাপ৷ নিধিৰ কৰ্মক লৈ গৌৰৱান্বিত যদিও সন্তানসম্ভৱা বোৱাৰীৰ স্বাস্থ্যক লৈ স্বাভাৱিকভাৱে যথেষ্ট উদ্বিগ্ন তিনিচুকীয়া নিবাসী তেখেতৰ শহুৰ-শাহু৷ কিন্ত দেশৰ হকে নিজৰ ব্যক্তিগত স্বাৰ্থক হেলাৰঙে নেওচা দিয়া নিধি আজি কেৱল তেওঁৰ পৰিয়ালৰ বাবেই নহয়, সমগ্ৰ তিনিচুকীয়া আৰু সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতবাসীৰ বাবে এক গৌৰৱৰ কাৰণ৷