চাইকেলৰ গতি ঘণ্টাত ৫৮.২৫৪ কিলোমিটাৰ!

তথাপি ব্রঞ্জৰ পদকহে পালে ৰোণাল্ডোৱে

0 13

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ জুন : আক্ষৰিক অর্থতেই গতিত ধুমুহা নমাই ব্রঞ্জ জিকিলে ৰোণাল্ডোৱে। যদিও এওঁ ক্রিষ্টিয়ানো ৰোণাল্ডো নহয়। ভাৰতৰ ৰোণাল্ডো সিঙে ধুমুহাৰ গতিত চাইকেল চলাই ব্রঞ্জৰ পদক উপহাৰ দিলে দেশক। দিল্লীৰ ইন্দিৰা গান্ধী স্পর্টছ কমপ্লেক্সৰ ভোলেড্রোমত চলিছে এচিয়ান ট্রেক চেম্পিয়নচিপৰ আচৰ। তাতেই মেনছ এলিট টাইম ট্রায়েল (১ কিলোমিটাৰ) ইভেন্টত ব্রঞ্জ জিকিলে ৰোণাল্ডো সিঙে। ৫৮.২৫৪ কিলোমিটাৰ প্রতি ঘণ্টাৰ সর্বোচ্চ গতিৰে বাজিমাৎ কৰে ভাৰতীয় চাইক্লিষ্টজনে। তেওঁৰ সময় আছিল ১ মিনিট ১.৭৯৮ ছেকেণ্ড। উল্লেখ্য যে, ৱর্ল্ড জুনিয়ৰ চেম্পিয়ন তথা এচিয়ান ৰেকর্ডৰ অধিকাৰী ৰোণাল্ডোৰ আগেয়ে এই ইভেন্টত ভাৰতৰ আৰু কোনেও কেতিয়াও আন্তর্জাতিক পদক জিকিব পৰা নাছিল। ৰোণাল্ডোৰ ইভেন্টত সোণ জিকে জাপানৰ য়ুটা ওবাৰাই। তেওঁৰ সময় আছিল ১ মিনিট ১.১১৮ ছেকেণ্ড। ৰূপ জিকে মালয়েছিয়াৰ মহম্মদ ফাদিলে। তেওঁ সময় লয় ১ মিনিট ১.৬৩৯ ছেকেণ্ড। ব্রঞ্জ জয়ৰ পিছত ৰোণাল্ডোৱে কয়— ‘এই বিভাগত ব্রঞ্জ জিকিব পৰাটো মোৰ বাবে ডাঙৰ বিষয়। মই সোণ জিকাৰ লক্ষ্য লৈয়েই ইভেন্ট আৰম্ভ কৰিছিলোঁ। অৱশ্যে সেয়া নহ’ল যদিও মই সুখী। নিজৰ টেকনিকত আৰু জোৰ দিব লাগিব মই।’’

মন্তব্য দিয়ক

Your email address will not be published.