চাৰি বছৰীয়া সন্তানক এৰি আলফা (স্বাধীন)লৈ কাকপথাৰৰ এক দম্পতী

0 13

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ মেঃ আলফা(স্বা)ৰ শেহতীয়া কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ আলফাত যোগ দিছে কাকপথাৰৰ এক দম্পতিয়ে। তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ১নং চেলেংগুৰিৰ বাসিন্দা সন্মিন নেওগৰ দুই পুত্ৰ বোৱাৰীয়ে আলফা স্বাধীনলৈ গমন কৰিছে। অচ্যুতানন্দ নেওগ আৰু পত্নী মমতা নেওগে নিজৰ চাৰিবছৰীয়া সন্তানক এৰি সংগঠনটোত যোগদান কৰাৰ কথা পোহৰলৈ আহিছে। অচ্যুতানন্দ নেওগৰ পিতৃয়ে জানিবলৈ দিয়া মতে, একমাত্ৰ পুত্ৰ অচ্যুতে যোৱা ৫ মে’ত ডিৰাক কপাহতলীস্থিত গাঁৱৰ ঘৰৰ পৰা চেলেংগুৰিস্থিত পিতৃ গৃহলৈ আহি ভাত খাবলৈ লোৱাৰ প্ৰাকমুহুৰ্তত এটা ফোন কল আহে। ফোন কলটো অহাৰ লগে লগে অচ্যুতানন্দই ঘৰৰ বাহিৰলৈ গৈ কথা বতৰা পাতি সাজি থোৱা ভাত নাখায় জোতা পিন্ধি ওলাই যায়। ইয়াকে দেখি পত্নী মমতা নেওগেও একে সময়তে পিছে পিছে ওলাই গুচি যায়। একেদিনাই সন্ধিয়া তিনিচুকীয়াৰ সহকাৰী আৰক্ষী অধীক্ষকে অচ্যুতানন্দৰ পিতৃলৈ ফোন কৰি পুত্ৰ-বোৱাৰীয়ে আলফা স্বাধীনলৈ গমন কৰাৰ খবৰ দিয়ে। এই খবৰ পৰিয়ালটোৱে মানি ল’ব নিবিচাৰিলেও ৬ মে’ত কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই আলফা গমনৰ বিষয়টো পুনৰ পৰিয়ালটোক জনোৱাতহে নিশ্চিত হয়। ইয়াৰ পিছতেই শোকাৰ্ত পিতৃ-মাতৃদ্বয়ে চাৰি বছৰীয়া কণমানি সন্তানটোক এনেদৰে এৰি সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লোৱা পুত্ৰ-বোৱাৰীক ঘৰলৈ উভতি আহিবলৈ সংবাদ মাধ্যমযোগে কাতৰ আহ্বান জনাইছে। আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকো অচ্যুতানন্দ আৰু মমতাক ঘূৰাই পঠিয়াবলৈ অনুৰোধ জনাইছে। উল্লেখ্য যে অচ্যুতানন্দ নেওগৰ পিতৃ সন্মিন নেওগে এজন আলফা সদস্য আছিল যদিও ১৯৯৩ চনত আত্মসৰ্মপণ কৰি সাধাৰণ জীৱন যাপন নিৰ্বাহ কৰি আহিছে।

মন্তব্য দিয়ক

Your email address will not be published.