চিকাগোত স্বাধীনতা দিৱসৰ অনুষ্ঠানত গুলীচালনা কমেও ৯ জন লোক নিহত

0 13
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ জুলাই : আমেৰিকাৰ চিকাগোৰ উপকণ্ঠ অঞ্চলত স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত আক্ৰমণ বন্দুকধাৰীৰ। এই আক্ৰমণত ৯ জন লোক নিহত হয়। আৰক্ষীৰ তথ্য অনুসৰি এই গুলীচালনাত কমেও ৫৬ জন লোক আহত হয়। চিকাগো আৰক্ষীৰ সূত্ৰ অনুসৰি চিকাগোৰ বিভিন্ন স্থানত প্ৰায় ৮ ঘণ্টা ধৰি হত্যাকাৰীয়ে গুলীচালনা কৰে। ইলিনয়ৰ চিকাগোৰ চাউথ ৱেণ্টৱৰ্থ এভিনিউত বন্দুকধাৰীয়ে ২৪ বছৰীয়া এগৰাকী মহিলাক হত্যা কৰে। আনহাতে গ্ৰেণ্ড ক্ৰছিঙৰ সমীপত বন্দুকধাৰীয়েও গুলীয়াই হত্যা কৰে তিনিজন লোকক। গুলীচালনাত আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উল্লেখ্য যে, যোৱা বছৰ আমেৰিকাৰ স্বাধীনতা দিৱসৰ সপ্তাহত বন্দুকৰ গুলীত নিহত হৈছিল ১৯ জন লোক। আহত হৈছে কমেও ১০০ জন লোক।
মন্তব্য দিয়ক

Your email address will not be published.