শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ জুন : বিশালাকায় ভালুকটো দেখা মাত্ৰকে গুলি এৰিছিল চিকাৰীয়ে। সেই গুলি লগা মাত্রেই মাটিত লুটি খাই পৰে ভালুকটো। লৰচৰ কৰাও বন্ধ হৈ গৈছিল। ভালুকটো মৰিছেনে নাই, সেয়া নিশ্চিত হ’বলৈ ওখ ঠাইৰ পৰা নামি আহিল চিকাৰী। কিন্তু কাষলৈ যোৱাৰ লগে লগেই সেই চিকাৰীৰ ওপৰত প্ৰত্যাক্ৰমণ চলালে ভালুকটোৱে। আৰু সেই আক্ৰমণতেই মৃত্যু হ’ল চিকাৰীৰ। পিছত ভালুকটোৰো মৃত্যু হয়। গোটেই ঘটনাটো যেন এটা গল্পৰ দৰে। কিন্তু বাস্তৱত শিয়ৰি উঠা ঘটনাটো ঘটিছে ৰাছিয়াৰ ইৰকুটস্ক অঞ্চলৰ টুলুন জিলাত। ৰাছিয়াৰ সংবাদ সংস্থা ইন্টাৰফেক্সৰ উদ্ধৃতি দি নিউজ উইকৰ প্রতিবেদনত কোৱা হৈছে যে, ৬২ বছৰীয়া এজন ব্যক্তি ইৰকুটস্কলৈ ভালুক চিকাৰৰ বাবে গৈছিল। জঙ্গলৰ ভিতৰৰ এক ওখ ঠাইত খাপ দিছিল তেওঁ। সাত ফুটৰ এটা বাদামী ৰঙা ভালুক দেখা পায়েই গুলি এৰে। সেই গুলিতেই আহত হৈ নিস্তেজ হৈ পৰে ভালুকটো। চিকাৰীজনে ভাবিছিল যে, ভালুকটোৰ মৃত্যু হৈছে। কিন্তু তেওঁৰ সেই ধাৰণা যে ভুল আছিল, কাষলৈ যাওতেহে ধৰিব পাৰিছিল। কিন্তু তেতিয়ালৈ যি হ’বলগীয়া আছিল হৈ গৈছে। ভালুকটো চিকাৰীৰ ওপৰত জঁপিয়াই পৰে। এই ব্যক্তিজন নিখোজ হোৱাৰ খবৰ থানাত গম পোৱাৰ লগে লগেই তদন্তত নামে পুলিচ। এক সূত্রৰ যোগেদি পুলিচে খবৰ পায় যে, ইৰকুটস্কৰ জঙ্গলত এজন ব্যক্তিৰ আধাখোৱা দেহ পোৱা গৈছে। খবৰ পায়েই পুলিচ সেই জঙ্গলত উপস্থিত হয়। তেতিয়া তেওঁলোকে দেখে যে, এজন ব্যক্তিৰ আধাখোৱা দেহ পৰি আছে আৰু তাৰ ঠিক ৫০ মিটাৰ দূৰত পৰি আছে এটা বিশালাকায় ভালুকৰ মৃতদেহ।