শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৩জুলাইঃ তেজপুৰৰ এখন ব্যয়বহুল নাৰ্চিং হ’ম টাইমছত আজি এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়। তেজপুৰৰ নিকটৱৰ্তী টুমুকীৰ বীনা সূত(৬৫)নামৰ মহিলা গৰাকীক যোৱা ১১জুলাইত তেজপুৰৰ নাৰ্চিং হ’মখনত ভৰ্ত্তি কৰোৱা হৈছিল। মধুমেহ ৰোগত আক্ৰান্ত মহিলাগৰাকীক আই চি ইউত ভৰ্তি কৰাৰ বিপৰীতে কালিৰে পৰা তেওঁক হাতত দিয়া চেলাইন শৰীৰে গ্ৰহণ নকৰাত পাছত ডিঙিৰে চেলাইন দিয়াৰ ব্যৱস্থা কৰা হয়। অভিযোগ অনুসৰি, কালি বিয়লি ৰোগী গৰাকীৰ আত্মীয়ই তেওঁক চোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও ইয়াৰ অনুমতি দিয়া নহ’ল। ইপিনে চিকিৎসাধীন ৰোগীৰ শাৰীৰক অৱস্থাৰ কোনোধৰণৰ উন্নতি নঘটাত ৰোগীৰ আত্মীয়ই তেওঁক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই বিষয়ে আজি পুৱা টাইমছ নাৰ্চিং হ’ম কৰ্তৃপক্ষই ইয়াত হোৱা ৰোগীৰ চিকিৎসা ব্যয় পৰিশোধ কৰি ৰোগীক স্থানান্তৰ কৰিবলৈ অনুমতি প্ৰদান কৰে। উল্লেখযোগ্য যে, নাৰ্চিংহ’ম খনত আজি পুৱা প্ৰায় ৮-৩০বজাতো ৰোগীৰ বাবে প্ৰয়োজনীয় ঔষধ ক্ৰয় কৰা হৈছিল। ৰোগীৰ শেহতীয়া শাৰিৰীক অৱস্থাৰ বিষয়ে আত্মীয়ক কোনো কথাই স্পষ্ট ভাবে জনোৱা হোৱা নাছিল বুলি অভিযোগ কৰি ৰোগীৰ আত্মীয়ই কয় যে তেওঁলোকে ঔষধৰ বিপৰীতে প্ৰায় ৭০হেজাৰ টকা আৰু চিকিৎসালয়ৰ অন্যান্য বিল প্ৰায় ৫৬হেজাৰ টকা সহ পৰিশোধ কৰাৰ পাছত মহিলা ৰোগী গৰাকীক ৰখা আই চি ইউ কক্ষত এজন আত্মীয়ই প্ৰৱেশ কৰি ৰোগীৰ মুখৰে এসোঁতা তেজ বৈ থকা আৰু ৰোগী জীৱিত থকাৰ কোনো লক্ষণেই দেখা নাপায়। এই বিষয়ে তেওঁ নাৰ্চিং হ’মখনত সেই সময়ত উপস্থিত থকা চিকিৎসাধীন বীনা সূতৰ আন আত্মীয়কো অৱগত কৰে। ইপিনে চিকিৎসা কৰ্মীয়ে ৰোগীৰ মুখৰে তেনেদৰে তেজ নিগৰা ঘটনাক স্বাভাৱিক ঘটনা বুলিয়েই প্ৰকাশ কৰে। এনে পৰিস্থিতিৰ মাজতে নাৰ্চিং হ’মখনৰ পৰা সূতক স্থানান্তৰ কৰাৰ তৎপৰতা অব্যাহত ৰখা সূতৰ আত্মীয়ক চিকিৎসালয়ৰ তৰফৰ পৰা ইতিমধ্যে ৰোগীৰ মৃত্যু হোৱা বুলি জনোৱা হয়। শোক আৰু ক্ষোভত ভাঙিপৰি ৰোগীৰ আত্মীয়সকলে ইয়াৰ পাছতে নাৰ্চিং হ’ম কৰ্তৃপক্ষক জৱাব দিহি কৰে। ব্যয় বহুল চিকিৎসা ব্যৱস্থাৰ নাৰ্চিং হ’ম খনৰ আই চি ইউত ভৰ্ত্তি হৈ থকা এগৰাকী ৰোগীৰ কেতিয়া মৃত্যু হ’ল সেই বিষয়েও খবৰ নৰখা নাৰ্চিং হ’মখনৰ কৰ্তৃপক্ষই ৰোগীৰ প্ৰতি কিমান দায়িত্বশীল বুলি প্ৰশ্ন কৰাৰ লগতে ইয়াত মৃতদেহকো চিকিৎসা কৰা হয় নেকি বুলি প্ৰশ্ন কৰে। মৃত ৰোগীৰ আত্মীয়ই নাৰ্চিং হ’মখনৰ এই কাৰ্য সন্দৰ্ভত শোণিতপুৰ প্ৰশাসনক জনোৱাৰ লগতে ইয়াৰ উচিত তদন্তৰো দাবী জনায়। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়হি আৰু দিনৰ প্ৰায় এক বজাত সূতৰ মৃতদেহ পৰিয়ালটোৱে নাৰ্চিং হ’মৰ পৰা বাসগৃহলৈ নিয়ে। উল্লেখযোগ্য যে, প্ৰথম অৱস্থাত সম্পূৰ্ণ বিল আদায় কৰা নাৰ্চিং হ’ম কৰ্তৃপক্ষই পৰিস্থিতি উত্তপ্ত হোৱাৰ সময়ত আদায় কৰা বিলৰ ভিতৰত ৪৩হেজাৰ টকা ৰোগীৰ আত্মীয়ক উভতাই দিয়ে। ইপিনে নাৰ্চিং হ’ম কৰ্তৃপক্ষই তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰিছে য’দিও স্থানান্তৰ কৰিবলৈ ওলোৱা এগৰাকী ৰোগীৰ চিকিৎসা বিল আদায় লোৱা পৰ্যন্ত ৰোগীৰ অৱস্থাৰ বিষয়ে চিকিৎসক তথা চিকিৎসা কৰ্মীয়ে নজনাকৈ থকা এই ঘটনাই তেজপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে।