চিত্ৰলেখাৰ নগৰী তেজপুৰত এদল সম্ভৱনাপূৰ্ণ চিত্ৰশিল্পীৰ আত্মপ্ৰকাশ

অসমীয়া ক্লাবৰ আৰ্ট গেলেৰীত ৪২ গৰাকী শিশু - চেমনীয়াৰ শতাধিক আকৰ্ষণীয় চিত্ৰৰে তিনিদিনীয়া চিত্ৰকলা প্ৰদৰ্শনীৰ শুভাৰম্ভ

0 39

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৩ এপ্ৰিল : চিত্ৰলেখাৰ নগৰী তেজপুৰত চিত্ৰকলাৰ এক বিপুল সম্ভাৱনা প্ৰকট কৰি ৪২ গৰাকীকৈ শিশু আৰু চেমনীয়াৰ তিনিদিনীয়া আকৰ্ষণীয় চিত্ৰকলাৰ প্ৰদৰ্শনী এখন আজি শুভাৰম্ভ হয় তেজপুৰৰ অসমীয়া ক্লাবৰ আৰ্ট গেলেৰীত। উল্লেখ্য যে তেজপুৰৰ দক্ষ চিত্ৰশিল্পী ৰুণাল ৰাজবংশীৰ তৎপৰতাত গঢ়ি উঠা “গীৰা ইংক ষ্টুডিঅ” নামৰ চিত্ৰকলাৰ শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থী সকলে অংশ গ্ৰহন কৰা আৰু শতাধিক আকৰ্ষণীয় চিত্ৰৰ সমাহাৰেৰে আজিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত এই প্ৰদৰ্শনী আজি আনুষ্ঠানিক ভাৱে ফিটা কাটি উদ্বোধন কৰে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতা আৰু আৰ্মি পাব্লিক স্কুলৰ অধ্যক্ষা বনানী হাজৰিকাই। উদ্বোধনৰ পিছতেই দুয়োগৰাকী অতিথিৰ লগতে অসমীয়া ক্লাবৰ প্ৰাক্তন সম্পাদক চিত্তদেৱ শৰ্মাই চিত্ৰসমূহ পৰ্যবেক্ষণ কৰি অভিভূত হৈ পৰে। ইয়াৰ আগেয়ে অসমীয়া ক্লাবত ৰুণাল ৰাজবংশীয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত ড০ ৰঞ্জন কলিতা, বনানী হাজৰিকা আৰু চিত্তদেৱ শৰ্মাই অংশগ্ৰহণকাৰী কণ কণ শিশু আৰু চেমনীয়াক উদ্বুদ্ধ কৰি ভাষণ প্ৰদান কৰে। ৰাষ্ট্ৰপতিৰ ফেল’শ্বিপ লাভ কৰা চিত্ৰশিল্পী ৰাতুমণি দাস, বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱা, চিত্ৰশিল্পী মৌচুমী বৰাকে ধৰি একাংশ কলানুৰাগীৰ উপস্থিতিত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি অধ্যক্ষ ড০ ৰঞ্জন কলিতাই চৌষষ্ঠী কলাৰ ভিতৰত চিত্ৰকলা আৰু সংগীত আটাইতকৈ আদিতম সৃষ্টি বুলি মন্তব্য কৰি মানৱ সভ্যতাৰ ইতিহাসত গুহাত বসবাস কৰি থকাৰ সময়তে মানুহে গুহাৰ বেৰত চিত্ৰ অংকন কৰিছিল। প্ৰকৃতি, চিকাৰৰ আনন্দ আৰু মানুহ-জন্তুৰ যুঁ‌জ-বাগৰেই আদিতম চিত্ৰকলাৰ বিষয়বস্তু আছিল বুলি কৈ ড০ কলিতাই প্ৰথম অৱস্থাত ই কলা হিচাপে নহয়, ভাৱ প্ৰকাশৰ মাধ্যম হিচাপে বিকাশ হৈছিল আৰু ভাৱ প্ৰকাশৰ মাধ্যম হিচাপে ভাষা মানৱ সভ্যতাৰ অবাৰ্চীন সৃষ্টি বুলি মন্তব্য কৰি পৃথিবীত বহুত ভাষা আছে। এটা ভাষা কোৱা মানুহে আন এটা ভাষা বুজি নাপায়। কিন্তু ভাৱ প্ৰকাশৰ মাধ্যম হিচাপে চিত্ৰকলা পৃথিৱীৰ সাৰ্বজনীন মাধ্যম। ছৱিৰ ভাষা পৃথিৱীৰ সকলো মানুহে বুজে আৰু সেয়েহে আজিৰ তথ্য-প্ৰযুক্তিৰ যুগতো চিত্ৰকলাৰ সমাদৰ আছে আৰু ভৱিষ্যতেও থাকিব বুলি শিশু আৰু চেমনীয়া সকলক এই শিল্পত জড়িত হৈ থাকিবলৈ অনুপ্ৰাণিত কৰে। উদ্যোক্তা চিত্ৰশিল্পী ৰুণাল ৰাজবংশীয়ে শিক্ষাৰ্থী সকলে চিত্ৰকলাৰ সকলো শৈলী প্ৰয়োগ কৰি ছবি আঁকিব পৰাৰ দক্ষতা অৰ্জন কৰিব পৰাৰ পিছত এইবাৰ দ্বিতীয় বাৰৰ বাবে এই সমূহীয়া প্ৰদৰ্শনী অনুষ্ঠিত কৰা হৈছে বুলি কৈ এই তিনিদিন পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ প্ৰদৰ্শনী মুকলি থাকিব বুলি জানিবলৈ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.