চি আৰ পি এফৰ উদ্যোগত তেজপুৰত ৰক্তদান কাৰ্যসূচী

0 105

তাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ ছেপ্টেম্বৰঃ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি কালি তেজপুৰস্থিত ৩০ নং চি আৰ পি এফৰ উদ্যোগত অনুষ্ঠিত হৈ যায় ৰক্তদান কাৰ্যসূচী। অখিল ভাৰতীয় টেৰাপন্থ যুৱ পৰিষদৰ আহ্বানত দেশজুৰি সফলতাৰে আয়োজিত হয় এই ৰক্তদান কাৰ্যসূচী। এই ৰক্তদান কাৰ্যসূচীলৈ সহযোগিতা আগবঢ়ায় অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন, মাৰোৱাৰী যুৱ মঞ্চ, তেজপুৰ ৰাউণ্ড টেবুল ৩৫১ নামৰ সংস্থাকেইটাই। মাৰোৱাৰী পঞ্চায়তী ধৰ্মশালাত অনুষ্ঠিত হোৱা এই ৰক্তদান শিবিৰত চি আৰ পি এফৰ অৰ্দ্ধ শতাধিক জোৱানৰ লগতে বহ কেইজন ব্যক্তিয়ে ৰক্তদান কৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আদি অঞ্চলত ৩০ নং চি আৰ পি এফ বেটেলিয়নৰ উদ্যোগত অনুষ্ঠিত হৈ আহিছে বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু ৰক্তদান কাৰ্যসূচী।

মন্তব্য দিয়ক

Your email address will not be published.