চি আৰ পি এফ মহাপৰিদৰ্শকৰ তেজপুৰ ভ্ৰমণ

0 20

শতাব্দ প্ৰতিনিধি তেজপুৰ ২৬আগষ্টঃ শোণিতপুৰস্থিত চি আৰ পি এফৰ ৩০ নং বেটেলিয়নটো কালি পৰিদৰ্শন কৰে যোৰহাট সংমণ্ডলৰ মহাপৰিদৰ্শক সৰবজিত সিংহই। পৰিদৰ্শন কালচোৱাত সিংহই যোৰহাট সংমণ্ডল অধীনষ্ঠ শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰৰ আইন শৃংখলা পৰিস্থিতিৰ বুজ লয়। ইপিনে বেটেলিয়ন কেন্দ্ৰটোত চলি থকা স্বাস্থ্য সম্পৰ্কীয় বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীতো অংশ লয় মহাপৰিদৰ্শক সৰবজিত সিংহই। এই পৰিদৰ্শনৰ সময়তে বেটেলিয়নৰ অন্যান্য প্ৰশাসনিক কাম- কাজৰো বুজ লয় সিংহই। বেটেলিয়নটোৰ সুচাৰু পৰিচালনা তথা কাৰ্যদক্ষতাৰ বিশেষভাৱে শলাগ লয় মহাপৰিদৰ্শক সিংহই। ভৱিষ্যতেও এনেদৰে নিজ কাৰ্যক্ষেত্ৰত উজ্জীৱিত কৰ্ম প্ৰদৰ্শন কৰাৰ বাবে বেটেলিয়নটোৰ সেনা বিষয়া তথা অন্যান্য জোৱানক উৎসাহ যোগায় মহাপৰিদৰ্শক সৰবজিত সিংহই।

মন্তব্য দিয়ক

Your email address will not be published.