চীনক খুদ চাউল খুৱাই আছে ভাৰতে

সীমান্তত বিবাদ হ'লেও চীনৰ ‘অন্নদাতা’ ভাৰত

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ জুন : বিগত দুবছৰমান ধৰি সীমান্তত বিবাদে ঘেৰি ধৰিছে ভাৰত আৰু চীনক। ফাট্ মেলিছে দুয়ো দেশৰ সম্পর্কত। ২০২০ চনত ইন্দো-চীন সীমান্তত ৰক্তক্ষয়ী সংঘর্ষৰ দৰে ঘটনাও ঘটিছে। কিন্তু ইমানবোৰ তিক্ততাৰ মাজতো ভাৰতে ‘অন্নদাতা’ৰ ভূমিকা পালন কৰিছে ড্রেগনৰ দেশৰ বাবে। ভাৰতীয় ভগা চাউল বা খুদ চাউল আমদানিকৃত দেশৰ তালিকাৰ শীর্ষত আছে চীন। ভাৰতৰ পৰা চীনেই সকলোতকৈ বেছি ভগা চাউল বা খুদ চাউল কিনে— এনে এক তথ্যই এইবাৰ পোহৰলৈ আহিছে। এক পৰিসংখ্যাত প্ৰকাশ পাইছে যে, মহামাৰী পর্বত ভাৰতৰ পৰা চীনে ১৬.৩৪ লাখ মেট্রিক টন চাউল আমদানি কৰিছে। সেই সময়ত (২০২১-২২ বিত্তীয় বর্ষ) ভাৰতে মুঠ চাউল ৰপ্তানি কৰিছিল ২১২.১০ লাখ মেট্রিক টন। তাৰ ৭.৭ শতাংশই আমদানি কৰিছে চীনে। আৰু জনা গৈছে যে, ভাৰতৰ পৰা চীনে মুঠ চাউল আমদানি কৰিছে ১৬.৩৪ লাখ মেট্রিক টন। তাৰ প্রায় ৯৭ শতাংশ অর্থাৎ ১৫.৭৬ লাখ মেট্রিক টনেই ভগা চাউল বা খুদ চাউল। ভাৰতৰ পৰা যিবোৰ দেশে ভগা চাউল বা খুদ চাউল কিনে, সেইবোৰৰ ভিতৰত চীন শীর্ষ স্থানত আছে। পূৰ্বতে ভাৰতে আফ্রিকাৰ দেশবোৰলৈ ভগা চাউল অধিক পৰিমাণে ৰপ্তানি কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.