শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ ছেপ্টেম্বৰঃ কিছুদিন পূৰ্বে চীনত সামৰিক অভ্যুত্থানৰ চৰ্চা ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং আৰম্ভ হৈছিল। চীনৰ ৰাষ্ট্ৰপতি তথা কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক জিনপিং গৃহবন্দী হৈ থকা বুলি টুইটাৰত ধাৰাবাহিকভাৱে প্ৰকাশ কৰা পোষ্টত দাবী কৰা হৈছিল। আনকি তেওঁক পিপলছ লিবাৰেচন আৰ্মীৰ মুখ্য সেনাধ্যক্ষ পদৰ পৰা অপসাৰণ কৰিবলৈও আহ্বান জনোৱা হৈছিল। সকলোৱে জানে যে চীনৰ পৰা খবৰ সহজে ওলাই নাহে, কিন্তু প্ৰায় ৯ হাজাৰ বিমান বাতিল হোৱাৰ পিছত বহু বিশেষজ্ঞই ভাবিছিল যে সামৰিক অভ্যুত্থান সঁচা হ’ব পাৰে। কিন্তু ফ্লাইট ট্ৰেকিং ৱেবছাইট FlightRadar24ৰ মতে, চীনৰ আকাশত উৰণ কৰা বিমানৰ সংখ্যা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। কিছুদিন পূৰ্বে চীনত অজ্ঞাত কাৰণত ইখনৰ পিছত সিখন বিমান বাতিল কৰা বুলি বিভিন্ন বাতৰি প্ৰকাশ পাইছিল। চীনৰ আকাশেদি উৰি যোৱা দেখা গৈছিল এমুঠিমান বিমান। পৰিসংখ্যা অনুসৰি ২১ ছেপ্টেম্বৰত বাতিল কৰা হৈছিল প্ৰায় ৯৫৮৩খন বিমান। হঠাতে বিমানৰ সংখ্যা হ্ৰাস পোৱাটোৱে সামৰিক অভ্যুত্থানৰ তত্ত্বক অধিক শক্তি প্ৰদান কৰি আছিল। অৱশ্যে বেইজিঙে আনুষ্ঠানিকভাৱে এই দাবী অস্বীকাৰ কৰিছিল। বহু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞই বিমান পৰিবহণ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ লগে লগে সামৰিক অভ্যুত্থানৰ সম্ভাৱনাক নুই কৰে। বিভিন্ন প্ৰকাশিত প্ৰতিবেদন আৰু পৰিসংখ্যা অনুসৰি বেইজিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰায় ৬২২খন বিমান বাতিল কৰা হৈছে। ছাংহাই পুডং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৬৫২ খন, শ্বেনজেন বাওয়ান বিমানবন্দৰত ৫৪২ খন বিমান বাতিল কৰা হৈছে। গুইয়াং লংডংবাউ বিমানবন্দৰত বিমান বাতিলৰ হাৰ প্ৰায় ৯৯ শতাংশ আছিল, যিটো দেশৰ ভিতৰতে সৰ্বাধিক। বিমান বাতিল কৰাৰ কোনো নিৰ্দিষ্ট কাৰণ চীন চৰকাৰৰ ৱেবছাইটত প্ৰকাশ কৰা হোৱা নাছিল। কিন্তু সেই দেশৰ প্ৰেছত প্ৰকাশ পোৱা মতে কেইবাখনো প্ৰদেশত কৰ’না সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।