শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ জুন : চীনে চন্দ্ৰৰ এক নতুন বিস্তৃত ভূতাত্ত্বিক মানচিত্ৰ প্ৰকাশ কৰিছে, যিখন মানচিত্ৰ এতিয়ালৈকে ‘সৰ্বাধিক বিশদ’, যিয়ে পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহটোত বৈজ্ঞানিক গৱেষণা, অন্বেষণ আৰু অৱতৰণ স্থান নিৰ্বাচনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব বুলি আশা কৰা হৈছে। চীনৰ চৰকাৰী সংবাদ সংস্থা চাইনা গ্ল’বেল টেলিভিছন নেটৱৰ্কে (CGTN) যোৱা ৮ জুন বুধবাৰে প্ৰকাশ কৰা অনুসৰি চীনৰ চন্দ্ৰ অন্বেষণ Chang’e প্ৰকল্পৰ তথ্য আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ অন্যান্য তথ্য আৰু গৱেষণামূলক তথ্যৰ ভিত্তিত একাধিক গৱেষণা প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়ৰ চীনা বিজ্ঞানীসকলে এই হাই ৰিজ’লিউচন ট’প’গ্ৰাফিক মেপ তৈয়াৰ কৰিছে। এই বিষয়ক প্ৰতিবেদনত কোৱা হৈছে যে, চন্দ্ৰৰ নতুন বিস্তৃত ভূতাত্ত্বিক মানচিত্ৰখন ১:২,৫০০,০০০ স্কেলত নিৰ্মাণ কৰা হৈছে, যিটো ‘এতিয়ালৈকে আটাইতকৈ বিশদ’। মানচিত্ৰখনত ১২,৩৪১ টা ইমপেক্ট ক্ৰেটাৰ, ৮১ টা ইমপেক্ট বেচিন, ১৭ টা শিলৰ প্ৰকাৰ আৰু ১৪ প্ৰকাৰৰ গঠন অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে চন্দ্ৰৰ ভূতত্ত্ব আৰু ইয়াৰ বিৱৰ্তনৰ বিষয়ে প্ৰচুৰ তথ্য প্ৰদান কৰিছে। ই বৈজ্ঞানিক গৱেষণা, অন্বেষণ আৰু চন্দ্ৰত অৱতৰণ স্থান নিৰ্বাচনত যথেষ্ট অৰিহণা যোগাব বুলি আশা কৰা হৈছে। চীনা বিজ্ঞান একাডেমীৰ জিঅ’কেমিষ্ট্ৰী প্ৰতিষ্ঠানে এই প্ৰকল্পৰ নেতৃত্ব দিছে, লগতে চীনা একাডেমী অৱ জিঅ’লজিকেল ছায়েন্স, চাইনা ইউনিভাৰ্চিটি অৱ জিঅ’ছায়েন্স আৰু শ্বানদং বিশ্ববিদ্যালয়ৰ দৰে অন্যান্য সংস্থাসমূহেও এই প্ৰকল্পৰ নেতৃত্ব দিছে। ৩০ মে’ত ছায়েন্স বুলেটিনে প্ৰকাশ কৰে মানচিত্ৰখন। ইয়াৰ পূৰ্বে ইউ এছ জি এছ এষ্ট্ৰ’জিঅ’লজি ছায়েন্স চেণ্টাৰে ২০২০ চনত ১:৫,০০০,০০০ স্কেলত চন্দ্ৰৰ মানচিত্ৰ প্ৰকাশ কৰিছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।