চেৰী আৰু নিখিলক তিনিচুকীয়া জিলা প্ৰশাসনৰ সম্বৰ্ধনা

উন্নয়ন প্ৰাধিকৰণে আগবঢ়ালে  ৫০ হাজাৰ আৰু ১০ হাজাৰ টকাৰ চেক

0 32
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ জুন : উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তিনিচুকীয়া জিলাৰ পৰা অসমৰ ভিতৰত কলা শাখাত প্ৰথম স্থান দখল কৰা তিনিচুকীয়াৰ ৱিমেনজ কলেজৰ ছাত্ৰী চেৰী গোহাঁই আৰু বাণিজ্য শাখাত তৃতীয় স্থান দখল কৰা  ডিগবৈৰ আৰ ডি জুনিয়ৰ কলেজৰ ছাত্ৰ নিখিল গুপ্তাক আজি জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । এই উপলক্ষে আজি তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত সভাত উপায়ুক্ত নৰসিং পৱাৰে দুয়োগৰাকী মেধাৱী স্থানপ্ৰাপকক এখনিকৈ ফুলাম গামোচা, ফুলৰ থোপা, সম্বৰ্ধনা পত্ৰা লগতে অন্যান্য উপহাৰেৰে অভিনন্দন জ্ঞাপন কৰে । ইয়াৰোপৰি উপায়ুক্তই দুয়োগৰাকী স্থানপ্ৰাপকৰ অভিভাৱকসকলৰ লগতে তিনিচুকীয়াৰ ৱিমেনজ কলেজৰ অধ্যক্ষ ড° ৰাজীৱ বৰদলৈ আৰু আৰ ডি জুনিয়ৰ কলেজৰ অধ্যক্ষ দিব্যজ্যোতি দে’ক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় । শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্তই আতঁ ধৰা এই সভাত উপায়ুক্ত পৱাৰে জিলাখনলৈ সুনাম কঢ়িয়াই অনা দুয়োগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীৰ উত্তৰোত্তৰ কামনা কৰি তেওঁলোকৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্রত জিলা প্ৰশাসনে সদায় যথোপযুক্ত  দিহা-পৰামৰ্শ আগবঢ়াই দিক্ দৰ্শন কৰি যাব বুলি মন্তব্য দিয়ে । লগতে অনাগত দিনত একোগৰাকী সুনাগৰিক হিচাপে নিজকে গঢ়ি তুলি দেশ তথা সমাজৰ বাবে অৱদান আগবঢ়াবলৈয়ো উপায়ুক্তই দুয়োগৰাকী স্থানপ্ৰাপকক আহ্বান জনায় । এই সভাতে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোহাঁয়ে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ তৰফৰ পৰা উদগণিমূলক বঁটা হিচাপে কলা শাখাত প্ৰথম স্থান লাভ কৰা চেৰী গোহাঁইক ৫০ হাজাৰ আৰু বাণিজ্য শাখাত তৃতীয় স্থান লাভ কৰা নিখিল গুপ্তাক ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে । তিনিচুকীয়া শাখা সাহিত্য সভাৰ তৰফৰ পৰাও দুয়োগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । সভাত দুয়োগৰাকী মেধাৱী  ছাত্ৰ-ছাত্ৰীয়ে নিজৰ মনৰ ভাব ব্যক্ত কৰে আৰু আগন্তক সময়ত সফলতাৰ এই ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সদায় প্ৰচেষ্টা চলাই যাব বুলি কয় । আজিৰ সভাত প্ৰশাসনৰ একাধিক উচ্চ পদস্থ বিষয়াৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তি আৰু উপায়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে ।
মন্তব্য দিয়ক

Your email address will not be published.