শতাব্দ প্ৰতিনিধি,তেজপুৰ, ৯অক্টোবৰঃ বৃহৎ অট্টালিকাৰে চিকিৎসালয় নতুবা চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণ হ’লেও ৰাজ্যত সম্প্ৰতি চিকিৎসালয়ৰ অৱস্হা তেনেই পয়ালগা অৱস্হাতে আছে৷ উল্লেখযোগ্য যে, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালকে ধৰি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত একেই অৱস্হা বিৰাজ কৰিছে৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ’নাৰ সময়ত ততাতৈয়াকৈ অতিৰিক্ত ভাবে আই চি ইউ কক্ষ নিৰ্মাণৰে ৰাজ্যৰ তদানীন্তন স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বাহ বাহ ল’লেও সেই কাম কৰা ঠিকাদাৰে আজিলৈকে বিল লাভ নকৰিলে বুলি জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে,সেই সময়ত এই কোটি টকীয়া কাম কেবল তদানীন্তন স্বাস্থ্য মন্ত্ৰীজনৰ মৌখিক নিৰ্দেশতে কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত চৰকাৰৰ বিভাগীয় মন্ত্ৰী তথা মুখ্যমন্ত্ৰী সলনি হোৱাত আজিও সেই কাম কৰা ঠিকাদাৰে কামৰ বিপৰীতে ধন লাভ নকৰিলে৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত বৰ্তমানেও স্নায়ু বিশেষজ্ঞ নথকাত দুৰ্ঘটনাকে ধৰি তেনে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত ইয়াৰ পৰা ৰোগী বা আঘাত প্ৰাপ্ত ব্যক্তিক গুৱাহাটীলৈ স্হানান্তৰৰ নিৰ্দেশ দিয়াৰ বিকল্প নোহোৱা হৈ পৰিছে৷ উল্লেখ্য যে, ভাৰতীয় চিকিৎসা পৰিষদৰ দল ইয়াত পৰিদৰ্শনৰ বাবে উপস্থিত হ’লেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা চিকিৎসক আনি আভূৱা ভাৰাৰ বিপৰীতে ইয়াত পৰীক্ষাগাৰ সমূহত পৰীক্ষা কৰোৱাৰ বাবেও সৰ্বসাধাৰণে হাবাথুৰি খাবলগীয়া অৱস্থাৰ উদ্ভৱ হয়৷ এই বিষয়ে ৰাইজে ৰাজহুৱা ভাবে আপত্তি কৰা স্বত্বেও আজিলৈকে ইয়াৰ কোনো সুব্যৱস্থা কৰা নহ’ল৷ আনহাতে বৰ্তমান ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই স্বাস্থ্য খণ্ডৰ উন্নয়নৰ যিমানেই ঢাক ঢোল নবজাওক কিয় চৰকাৰী চিকিৎসালয়ৰ আন্তঃগাঁঠনিৰ অভাৱত এক গৰু গোহালি সদৃস ৰূপ ল’বলৈ ধৰিছে চৰকাৰী চিকিৎসালয় সমূহে৷ বৰ্তমান তেজপুৰ কনক লতা অসামৰিক চিকিৎসালয়ৰ পেয়িং কেবিন এলিট কেবিনৰো অৱস্থা অতি শোচনীয়৷ আনকি ইয়াত চিকিৎসাধীন ৰোগীক দিয়াৰ বাবে প্ৰয়োজনীয় বিচনা চাদৰ, গাৰু আদিৰো অভাৱ ঘটিছে৷ ভৰ্তি হোৱা ৰোগীৰ পৰা এনে কেবিনৰ বাবে দৈনিক পাঁচশ টকা লোৱা হয় য’দিও ৰোগীক এনে অস্বাস্থ্যকৰ পৰিৱেশত ৰখা হয় যে সেয়া কল্পনাৰো অগোচৰ৷ আনকি শৌচালয় তথা প্ৰস্ৰাৱগাৰত সোমাব নোৱৰা ৰোগীয়ে হাতত চেলাইন লৈ চিকিৎসালয় চৌহদৰ বাহিৰলৈ গৈ প্ৰস্ৰাৱ কৰিবলগীয়া ঘটনা ঘটিছে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয় হাস্পতালত৷ এক্সৰে কক্ষ, ডায়েলেচিচ কেন্দ্ৰ,পৰীক্ষাগাৰ আদি নামতহে থকা চিকিৎসালয়খনত আনকি এতিয়া প্ৰয়োজনীয় ঔষধৰো অভাৱ ঘটিছে৷ অভিযোগ অনুসৰি, গেছৰ টেবলেট আৰু চেলাইন দুটামানৰ বাহিৰে ইয়ালৈ অহা ৰোগীয়ে আন সকলো ঔষধ বাহিৰৰ ফাৰ্মাচীৰ পৰা ক্ৰয় কৰিবলগীয়া হোৱাতো এক নিয়মত পৰিণত হৈছে৷ উন্নয়নৰ ফুলজাৰি মৰা ৰাজ্য চৰকাৰে সম্প্ৰতি কথায়ে প্ৰতি চিকিৎসা মহাবিদ্যালয় স্হাপনৰ হিচাপ দিলেও প্ৰকৃততে একোটা অট্টালিকাৰ বাহিৰে ৰাজ্যত যে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ বাস্তৱিক উন্নতি একো হোৱা নাই সেয়া সম্প্ৰতি ৰাজ্যখনত সংঘটিত বহুবোৰ ঘটনায়েই উদঙাই দিছে৷