ছাত্ৰীক সমৰ কলাৰে আত্মৰক্ষাৰ প্ৰশিক্ষণ লখিমপুৰ ডায়েটৰ

0 82

লখিমপুৰ, ২৩ এপ্ৰিলঃ  লখিমপুৰৰ আজাদস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত (ডায়েট) দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিষ্ঠানখনৰ নাতিদূৰৰ গড়েহগা বাঁহপাতি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ পৰা দশমমান শ্ৰেণীৰ ছাত্ৰীসকলক ডায়েট প্ৰাঙ্গনত সমৰ কলাৰ জড়িয়তে আত্মৰক্ষাৰ এক প্ৰশিক্ষণ প্ৰদান কৰা হয়। ডায়েটৰ শাৰীৰিক শিক্ষাৰ প্ৰবক্তা মণ্টু বুঢ়াগোহাঁয়ে সমন্বয়কৰ দায়িত্ব পালন কৰা অনুষ্ঠানটো শুভ উদ্বোধন কৰে প্ৰতিষ্ঠানখনৰ অধ্যক্ষা অঞ্জু বৰঠাকুৰে। তেখেতে বৰ্তমান সময়ত নিজকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থকাৰ লগতে ছোৱালীসকলে নিজকে আত্মৰক্ষাৰ বাবে সমৰ কলাতো যে পাকৈত হ’ব লাগিব সেই কথা উল্লেখ কৰে। উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত কাৰাটে খেলত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসম দলক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন খেলুৱৈ তথা ডায়েটৰে আই.এফ.আই.চি. বিভাগৰ প্ৰবক্তা গুণ গোবিন্দ সোণোৱালে। তেওঁক সহযোগ কৰে ডি.এল.এড. প্ৰথম ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী তথা খেলুৱৈ পৰিনীতা শইকীয়াই। সামৰণি অনুষ্ঠানত গুণ গোবিন্দ সোণোৱালে কয় যে ছাত্ৰ-ছাত্ৰীসকলে পঢ়াৰ লগতে খেলা-ধূলাটো সমানে আগুৱাই যাব লাগিব।

মন্তব্য দিয়ক

Your email address will not be published.