শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ অক্টোবৰ : প্ৰতিৰক্ষাৰ ক্ষেত্রত ভাৰত শক্তিশালী হৈ উঠিছে৷ এইবাৰ চাবমেৰিনৰ পৰাও সফলতাৰে পৰীক্ষামূলকভাৱে নিক্ষেপ কৰা হ’ল এটা পাৰমাণৱিক বেলিষ্টিক মিছাইল। ১৪ অক্টোবৰ শুকুৰবাৰে আই এন এছ আৰিহন্তৰ পৰা নিক্ষেপ কৰা হৈছিল এই ক্ষেপণাস্ত্ৰ। পানীৰ তলত নিৰ্দিষ্ট স্থানৰ পৰা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে যদিও এইবাৰেই ভাৰতত ছাবমেৰিনৰ পৰা প্ৰথমবাৰৰ বাবে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে ভাৰতে আকৌ এবাৰ পাৰমাণৱিক শক্তিধৰ দেশ হিচাপে নিজৰ ক্ষমতা দৃঢ় কৰিলে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে শুকুৰবাৰে বংগোপসাগৰৰ উপকূলৰ পৰা এটা নিৰ্দিষ্ট ৰেঞ্জৰ ভিতৰত বেলিষ্টিক মিছাইলটো সফলতাৰে নিক্ষেপ কৰা হৈছে। ভাৰতে ছাবমেৰিনৰ পৰা বেলিষ্টিক মিছাইল নিক্ষেপ কৰা বাবে চীন আৰু পাকিস্তানৰ কূটনীতিবিদসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইফালে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে আই এন এছ আৰিহন্তৰ পৰা সফল বেলিষ্টিক মিছাইল উৎক্ষেপণে ভাৰতৰ বেলিষ্টিক মিছাইল ছাবমেৰিন কাৰ্যসূচীৰ সফলতা, দক্ষতা আৰু বৈধতাক আলোকপাত কৰিছে। এই শক্তিশালী আৰু নিশ্চিত প্ৰতিৰক্ষামূলক সামৰ্থ্য ভাৰতৰ ন্যূনতম প্ৰতিৰোধৰ বিশ্বাসযোগ্য নীতি, ভাৰতৰ ‘ন’ ষ্ট্ৰাইক ফাৰ্ষ্ট’ নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণ। মন কৰিবলগীয়া যে বৰ্তমান ভাৰতত থলুৱাভাৱে নিৰ্মিত