ছুইডেনৰ ছাব কোম্পানীয়ে ভাৰতত নিৰ্মাণ কৰিব Carl-Gustaf M4

0 11

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ ছেপ্টেম্বৰ : কাৰ্ল-গুষ্টাফ এম৪— প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ডাঙৰ পদক্ষেপ! ছুইডেনৰ প্ৰতিৰক্ষা কোম্পানী ছাবে ভাৰতত নিৰ্মাণ কৰিব বিচাৰিছে কাৰ্ল-গুষ্টাফ এম৪ গণধ্বংসী অস্ত্ৰ। দেশখনৰ অন্যতম বৃহৎ প্ৰতিৰক্ষা কোম্পানী ছাব। এইবাৰ দেশৰ বাহিৰত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণৰ বাবে আগ্ৰহী হৈছে। সেয়াও ভাৰতৰ মাটিত। মঙলবাৰে এই কথা ঘোষণা কৰিছে সংগঠনটোৱে। ছেব্ৰেৰ উপ-সভাপতি গৰ্গেন জোহানছনৰ মতে, ২০২৪ চনৰ পৰা এই বিধ্বংসী অস্ত্ৰৰ উৎপাদন আৰম্ভ হ’ব। এই উৎপাদন আৰম্ভ হ’লে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰত আৰু এখোজ আগুৱাই যাব। সামৰিক বিশ্লেষকসকলৰ মতে এয়া নিশ্চয়কৈ চীন আৰু পাকিস্তানৰ বাবে ভয়ৰ কাৰণ হ’ব।

* ভাৰতত মেকৰ গুৰুত্ব
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রতিৰক্ষা খণ্ডত আমূল পৰিৱর্তন কৰিব বিচাৰিছিল আৰু সেইবাবে চৰকাৰে মেক ইন ইণ্ডিয়াক অধিক গুৰুত্ব দিয়ে। ইতিমধ্যে কেইবাটাও সংস্থাই এই পদক্ষেপত যোগদান কৰিছে। উত্তৰ প্ৰদেশত নিৰ্মাণ হ’ব অত্যাধুনিক বন্দুক। এইবাৰ সেই তালিকাত যোগ হ’বলৈ গৈ আছে ছুইডেনৰ প্ৰতিৰক্ষা সংস্থা। যদিও ২০২৪ চনৰ পৰা ভাৰতত নিৰ্মাণ হ’ব কাৰ্ল-গুষ্টাফ এম ৪, তথাপি কোম্পানীটোৱে বিনিয়োগৰ সঠিক পৰিমাণৰ বিষয়ে অৱগত কৰা নাই। অৱশ্যে সংস্থাটোৱে কয় যে, ভাৰতে বিশ্বমানৰ প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তুলিব বিচাৰে আৰু সেই ক্ষেত্ৰত তেওঁলোকে ভাৰত চৰকাৰক লক্ষ্যত উপনীত হোৱাত সহায় কৰি সুখী বুলি সংস্থাটোৱে জনায়।

* ছাব এফ এফ ভি ইণ্ডিয়া নামেৰে হ’ব নিৰ্মাণ
ইতিমধ্যে সংস্থাটোৱে এক বিবৃতি জাৰি কৰিছে। য’ত কোৱা হৈছে, ছাব এফ এফ ভি ইণ্ডিয়াই ভাৰতত শেহতীয়া কাৰ্ল-গুষ্টাফ এম ৪ নিৰ্মাণ কৰিব। কোম্পানীটোৱে দাবী কৰিছে যে তেওঁলোকে ভাৰতীয় সেনাৰ বাবে এই অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰিব। কেৱল সেয়াই নহয়, বিশ্বৰ বিভিন্ন দেশেও এই অস্ত্ৰ ল’ব পাৰে। তেওঁলোকৰ বাবে ভাৰতীয় মাটিত এই অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰা হ’ব বুলি জনা গৈছে। কোম্পানীটোৱে লগতে কয় যে এই সুবিধাত নিৰ্মাণ কৰা ব্যৱস্থাসমূহে ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ প্ৰয়োজনীয়তাসমূহ সম্পূৰ্ণৰূপে পূৰণ কৰিব।

* ২০২৪ চনৰ পৰা আৰম্ভ হ’ব উৎপাদন
২০২৪ চনৰ পৰা আৰম্ভ হ’ব কাৰ্ল-গুষ্টাফ এম ৪ৰ উৎপাদন। ১৯৭৬ চনত প্ৰথম সহযোগিতা চুক্তি স্বাক্ষৰিত হৈছিল। তেতিয়াৰ পৰা এই ৰকেট লঞ্চাৰটো ভাৰতীয় সেনাই ব্যৱহাৰ কৰে। কাৰ্ল-গুষ্টাফে বিভিন্ন ধৰণৰ গোলাবাৰুদৰ জৰিয়তে এই ৰকেট লঞ্চাৰটো ব্যৱহাৰ কৰিব পাৰে। ইয়াক কান্ধতো লৈ যাব পাৰি।

মন্তব্য দিয়ক

Your email address will not be published.